সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিদায় ‘ক’লা হীৰা’…

কেৱল ক্ৰীড়া জগতৰে নহয় সমগ্ৰ বিশ্বৰে জীৱন্ত কিংবদন্তি পেলেৰ দেহাৱসান । জীৱন যুদ্ধত হাৰ মানিলে মহাতাৰকা পেলেই ।লগে লগে অন্ত পৰিল এক সোণালী যুগৰ ।মহান ফুটবল খেলুৱৈ পেলে আৰু নাই এই পৃথিৱীত।মানি ল’বলৈ কঠিন যদিও এয়াই সত্য। এটা সময় আছিল যাৰ দুভৰিৰ যাদুৱে সকলোকে মোহাচ্ছন্ন কৰি তুলিছিল। যাৰ দুভৰিৰ যাদুৱে বিশ্ব ফুটবলপ্ৰেমীক ফুটবলৰ প্ৰতি কৰি তুলিছিল উন্মাদ। ১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ দক্ষিণ-পূব অঞ্চলৰ ট্ৰেছ ক’ৰাকোছ চহৰত জন্মগ্ৰহণ কৰা পেলেৰ সম্পূৰ্ণ নাম এডচন আৰাণ্টেছ ডো নাচিমেণ্টো। জন্মৰ সময়ত পেলেৰ নাম বিজ্ঞানী উদ্ভাৱক থমাছ আলভা এডিচনৰ নামেৰে ৰখা হৈছিল এডিচন। মৰমতে পৰিয়ালৰ লোকে মাতিছিল ডিকো বুলি। সেই ডিকো আৰু এতিয়া শুই পৰিল গভীৰ নিদ্ৰাত। ১২-১৩ বছৰ বয়সৰ পৰাই গৃহচহৰ বাউৰুৰ স্থানীয় ক্লাব ৰেডিয়াম ফুটবল দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে পেলেই। চাও পাওলো প্ৰদেশৰ বাউৰুত প্ৰথমবাৰৰ বাবে ফুটচাল অৰ্থাৎ ৫-৫ জন খেলুৱৈৰ মাজত অনুষ্ঠিত হৈছিল এখন ইনড’ৰ টুৰ্ণামেণ্ট।প্ৰতিযোগিতাখনত পেলেই কৰিছিল অংশগ্ৰহণ আৰু পেলেৰ দল হৈছিল চেম্পিয়ন। এয়াই আছিল পেলেৰ ফুটবল পৃথিৱীত আৰম্ভণি।ব্ৰাজিলৰ চাও পাওলো প্ৰদেশৰ বাউৰুত দৰিদ্ৰতাৰ মাজেৰেই পাৰ হৈছিল পেলেৰ শৈশৱ। পেলেৰ পিতৃও আছিল এজন ফুটবল খেলুৱৈ লগতে এজন ফুটবলৰ অনুৰাগী। কিন্তু সেইসময়ত ফুটবল খেলুৱৈসকলে উপযুক্ত মাননি পোৱা নাছিল। ফলস্বৰূপে, দেউতাকৰ পৰিয়াল চলাবলৈ হৈছিল যথেষ্ট অসুবিধা।পেলেৰ দেউতাক সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী আছিল। পৰিয়াল চলোৱাত পিতৃক সহায় কৰাৰ মানসেৰে এখন চাহৰ দোকানত বনুৱাৰ কামো কৰিছিল ভৱিষ্যতৰ এই মহাতাৰকা গৰাকীয়ে।ফুটবল খেলি থাকোঁতেই চেণ্টোচ নিৰ্বাচকৰ চকু পেলেৰ ওপৰত পৰিছিল। পেলেৰ সম্ভাৱনা আৰু সামৰ্থ চিনাক্ত কৰি আৰু পেলেচে চেণ্টোচৰ ক্লাবৰ হৈ খেলিবলৈ দিছিল প্ৰস্তাৱ।১৯৫৬ চনত মাত্ৰ ১৫ বছৰ বয়সত পেলেচে চেণ্টোছত যোগদান কৰে পেলেই। ক্লাবৰ হৈ প্ৰথমখন খেলতেই কৰিছিল এটা গল।১৬ বছৰ বয়সৰ পৰা ক্লাব চেণ্টোছৰ সৈতে নিয়মীয়াকৈ খেলিবলৈ আৰম্ভ কৰে আৰু একে বছৰতে লীগৰ শীৰ্ষ স্ক’ৰাৰ হয় পেলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পেলেৰ ৮২ বছৰ বয়সত চাও পাওলো চিকিৎসালয়ত জীৱন নাটৰ সমাপ্তি ঘটে। পেলেৰ নেতৃত্বতেই ব্ৰাজিলে ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত জয় কৰিছিল ফিফা বিশ্বকাপ ফুটবল। ১৯৫৮ চনত ফিফা বিশ্বকাপ ফুটবলত চুদানৰ বিৰুদ্ধে পেলেই কৰিছিল দুটা গল।পেলেই পেছাদাৰী কেৰিয়াৰত খেলিছিল সৰ্বমুঠ ১৩৬৩ খন মেচ আৰু গল কৰিছিল ১২৮১ টা। ব্ৰাজিলৰ হৈ ৯১ খন মেচত কৰিছিল ৭৭ টা গল।
৩ বাৰকৈ ব্ৰাজিলক বিশ্বকাপৰ সোৱাদ দিয়া পেলেক নিয়মীয়া পৰীক্ষাৰ বাবে ২৯ নৱেম্বৰত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়তেই লাহে লাহে পেলেৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিবলৈ আৰম্ভ কৰে।কৰ্কট ৰোগত আক্ৰান্ত পেলেক ২০২১ চনৰ ছেপ্টেম্বৰত মলাশয়ৰ টিউমাৰৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল। লগতে দি থকা হৈছিল কেমোথেৰাপী।১৯৫৮ আৰু ১৯৬২ চনত এটাৰ পিছত এটাকৈ, আৰু পুনৰ শেষবাৰৰ বাবে ১৯৭০ চনত ব্ৰাজিলক বিশ্বকাপ জয়ী কৰোৱা পেলেই খেলিছিল ৪ খন বিশ্বকাপ ফুটবল। পেলেই ১৯৭১ চনত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় দলৰ পৰা কৰিছিল অৱসৰ গ্ৰহণ।বিশ্বকাপত গল কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল পেলে ।পেলেৰ বাবেই ১৯৫৮ চনত ব্ৰাজিল জয়ী হৈছিল প্ৰথমখন বিশ্বকাপ ফুটবলত। ১৯৫৮ চনৰ বিশ্বকাপত ৱেলছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ফিফা বিশ্বকাপত প্ৰথমটো গল কৰাৰ সময়ত পেলেৰ বয়স আছিল মাত্ৰ ১৭ বছৰ ২৩৯ দিন। ইয়াৰ পিছতেই পেলে ফিফা বিশ্বকাপ টুৰ্ণামেণ্টত গল কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈত পৰিগণিত হয়। তেওঁ ১৭ বছৰ ২৪৪ দিনত ফিফা বিশ্বকাপৰ ছেমি ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে অৰ্জন কৰিছিল হেট্ৰিক। ইয়াৰ পাছতেই পেলেই হেট্ৰিক অৰ্জন কৰা আটাইতকৈ খেলুৱৈ হিচাপেও পৰিগণিত হয়।পেলেই ১৯৫৮ চনৰ ফাইনেলত এটা গ’ল কৰাৰ লগতেই বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয় যিয়ে ১৮ বছৰ বয়সৰ আগতেই ফিফা বিশ্বকাপত কৰিছিল গল।একেৰাহে দুবছৰত ১০০তকৈ অধিক গল কৰা একমাত্ৰ খেলুৱৈ পেলে।কিংবদন্তী পেলেই ১৯৫৯ চনৰ এটা কেলেণ্ডাৰ বৰ্ষত ১২৭ টা আৰু ১৯৬১ চনত ১১০ টা কৰিছিল গল। একেৰাহে দুবছৰত ১০০তকৈ অধিক গল কৰা পৃথিৱীৰ একমাত্ৰ ফুটবল খেলুৱৈ পেলে।১৯৯৫ চনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ফাৰ্নাণ্ডো হেনৰিক কাৰ্ডোছে পেলেক দেশখনৰ ক্ৰীড়া মন্ত্ৰী হিচাপে নিযুক্তি দিছিল।এই দায়িত্ব গ্ৰহণ কৰিয়েই পেলেই ব্ৰাজিল ফুটবলত দুৰ্নীতিৰ অৱসান ঘটোৱাৰ প্ৰচেষ্টাত আগশাৰীৰ ভূমিকা গ্ৰহণ কৰে। পেলেৰ মন্ত্ৰীত্বকালতে ১৯৯৮ চনত গৃহীত হয় এখন বিশেষ আইন। ‘পেলে আইন’ হিচাপে জনাজাত এই আইনখনৰ বাবেই ব্ৰাজিলৰ ক্ৰীড়া ব্যৱস্থাত আধুনিক যুগৰ সূচনা হয়।১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে পেলেক শতিকাৰ এথলীট হিচাপে কৰিছিল নিৰ্বাচিত। ২০০০ চনত পেলেক আন্তঃৰাষ্ট্ৰীয় ফুটবল ইতিহাস আৰু পৰিসংখ্যা ফেডাৰেচনে বিশ্ব শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে দিয়ে স্বীকৃতি। ২০১০ চনত নিউয়ৰ্ক কচমছৰ সন্মানীয় সভাপতি হিচাপে নিৰ্বাচিত হয় পেলে।মহাতাৰকা মাৰাডোনাৰ বাটেৰেই ঘূৰি নহা বাটেৰে গুচি গ’ল পেলে। পেলেৰ মৃত্যুত এক সোণালী যুগৰ অৱসান ঘটিল ফুটবল বিশ্বত।

Leave A Reply

Your email address will not be published.