ড০ পূর্ণ ভট্টাচার্যলৈ ‘বন্ধু-চাকি সাহিত্য-বঁটা’

Share This Article

বয়স নিৰ্বিশেষে কবি-প্ৰতিভাৰ সন্ধান কৰি তুলি ধৰা, আৰু নিষ্ঠাৱান কবিক মৰ্যাদা দিয়াৰ মানসেৰে গঢ় লৈ উঠা ‘বন্ধু-চাকি’ৰ পঞ্চম-প্ৰয়াস হিচাপে, ২০২৩ খ্ৰীষ্টাব্দৰ ‘বন্ধু-চাকি সাহিত্য-বঁটা’ আগবঢ়োৱা হৈছে — ‘মানুহবোৰ যেতিয়া তেজত ফুলে’ (১৯৯৬), ‘চাফ-চিকুণৰ বাবে পাঁচ নম্বৰ’ (২০১৫)কে ধৰি ছয়খন কবিতা-পুথি ; ‘আধুনিক অসমীয়া কবিতা’ (২০০১, ২০২১) কে লৈ তিনিখন সাহিত্য-বিষয়ক আলোচনামূলক গ্ৰন্থ ; ‘টু-লেট আৰু দুটি শালিকা’ (২০১০) নামৰ গল্পৰ পুথি ; আৰু, ‘কোন ঘাটে বান্ধিবা নাও’ (২০১৫) শীৰ্ষক গীতৰ সংকলনৰ স্ৰষ্টা, স্বনামধন্য কবি ড০ পূৰ্ণ ভট্টাচার্যদেৱলৈ (জন্ম : ১৯৫৮)। লগতে, দহগৰাকী নিৰ্বাচিত কবিলৈ ‘বন্ধু-চাকি উদগনি-বঁটা, ২০২৩’ আগবঢ়োৱা হ’ব।
তদুপলক্ষে, অহা ৮ জানুৱাৰী, ২০২৩ তাৰিখ দেওবাৰে গুৱাহাটীস্থ অসম সাহিত্য সভাৰ ‘নেহা আগৰৱালা ভৱন’ত দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত কবি ভট্টাচার্যৰ হাতত সাহিত্য-বঁটাটি তুলি দিব বিশিষ্ট শিক্ষাবিদ, লেখক-আবৃত্তিকাৰ ড০ অমৰজ্যোতি চৌধুৰীদেৱে।বিয়লি অনুষ্ঠিত হ’বলগীয়া ‘কবিতাৰ আড্ডা’লৈকো, সকলো সুহৃদৰ সঁহাৰি বিচাৰিছে উদ্যোক্তাসকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.