সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ প্ৰামাণিক তথ্যসহ।কিন্তু ঘনশ্যাম ধানুকা কিমান ঘনিষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? তাৰ বাবে আমি দ্য ক্ৰছকাৰেণ্টে চলাইছিলোঁ অনুসন্ধান। ঘনশ্যাম ধানুকাৰ সম্পূৰ্ণ নাম ঘনশ্যাম দাস ধানুকা।Ministry of Corporate Affairsৰ তথ্য অনুসৰি ঘনশ্যাম দাস ধানুকা MANGLAM INTERNATIONAL PRIVATE LIMITED, GODSON HEALTHCARE PRIVATE LIMITED, DESANG HYDEL POWER COMPANY PRIVATE LIMITED, MILLENIUM INDIA PRIVATE LIMITED, PADAMAWATI TRADERS (INDIA) PVT LTD, YPO NORTH EAST FOUNDATION- এই ৬ টা কোম্পানীৰ সঞ্চালক। এই ৬ টা কোম্পানীৰ ভিতৰত PADAMAWATI TRADERS (INDIA) PVT LTD ৰ নামটো অতি গুৰুত্বপূৰ্ণ।

MCAৰ তথ্য অনুসৰি ধানুকাৰ কোম্পানীসমূহৰ নাম

- Donation -

Ministry of Corporate Affairsৰ তথ্য অনুসৰি PADAMAWATI TRADERS (INDIA) PVT LTDত ২০১০ চনলৈকে সঞ্চালক পদত আছিল সকলোৰে এক পৰিচিত নাম- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা। মন কৰক PADAMAWATI TRADERS (INDIA) PVT LTDত ৰিণিকি ভূঞা শৰ্মাৰ বিপৰীতে থকা DIN অৰ্থাত Director Identification Number লৈ। নাম্বাৰটো হ’ল 00390707।

আনহাতে Pride East Entertainment Pvt Ltd ৰ সঞ্চালকৰ Director Identification Numberটোও মন কৰিবলগীয়া।

Director Identification Number একেটাই ০০৩৯০৭০৭। Pride East Entertainment Pvt Ltdৰ অধীনতেই আছে নিউজ চেনেল নিউজ লাইভ। নিউজ লাইভ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চেনেল বুলি সৰ্বজন বিদিত। আমি আপোনালোকৰ আগত Ministry of Corporate Affairsৰ তথ্যৰ সহায়ত প্ৰমাণ হয় যে ঘনশ্যাম ধানুকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ব্যৱসায়ী প্ৰত্যক্ষ অংশীদাৰ পৰ্য়ন্ত আছিল। 2010 চনত আনুষ্ঠানিকভাৱে ব্যৱসায়িক সম্পৰ্ক ছেদ কৰাৰ আঁৰতো আছে এক কাহিনী। সেই সময়ত কৃষক নেতা অখিল গগৈয়ে RTI তথ্যৰে উন্মোচন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ নামত থকা সম্পত্তিৰ তালিকা।তাৰে ভয়ত হয়তো ৰিণিকি ভূঞা শৰ্মাই পদত্যাগ কৰিছিল PADAMAWATI TRADERS (INDIA) PVT LTDৰ সঞালক পদৰ পৰা। PADAMAWATI TRADERS (INDIA) PVT LTDৰ আৰু এটা ৰহস্য উদ্ৰেককাৰী তথ্য হ’ল এই যে, কোম্পানীটোৰ Registered Address হ’ল PAONA BAZAR, IMPHAL ।
এতিয়া আহো কিদৰে ঘনশ্যাম ধানুকা লাভান্বিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা ঘনিষ্ঠতাৰ পৰা। ওপৰত উল্লেখ কৰা ৬ টা কোম্পানীক বাদ দিয়াৰ পিছতো ঘনশ্যাম ধানুকাৰ আছে আন এক ব্যৱসায়। আছে দুটা Small Scall Industry। এটা Ghanashyam Pharmaceuticals আৰু আনটো GRD Pharmaceuticals। ২০১৫ চনৰ কেগৰ প্ৰতিবেদন অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে ২০১২ চনত ক্ৰয় কৰিছিল ২০ কোটি ৭৭ লাখ টকাৰ সাধাৰণ আৰু কেন্সাৰ প্ৰতিৰোধী ঔষধ। কিন্তু ইয়াৰে ৬ টা ঔষধ বিশেষ দুটা প্ৰতিষ্ঠানৰ পৰা একেটা বছৰতে NRHMএ নিৰ্দ্ধাৰণ কৰা দামতকৈ বেছি দামত ক্ৰয় কৰে স্বাস্থ্য সেৱা সঞ্চালকালয়ে। যাৰ বাবে ৰাজকোষৰ পৰা অতিৰিক্তভাৱে ব্যয় হয় ৬৯ লাখ ৭২ হাজাৰ টকা।আৰু যি দুটা প্ৰতিষ্ঠানৰ পৰা অতিৰিক্ত দামত ঔষধ ক্ৰয় কৰা হ’ল, তাৰে এটা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ঘলশ্য়াম ধানুকাৰ Ghanashyam Pharmaceuticals।উল্লেখনীয় যে সেই সময়তো অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা।

কেগৰ ৰিপ’ৰ্ট

কেগৰ ২০১৭ চনৰ প্ৰতিবেদন অনুসৰি স্বাস্থ্য সেৱা সঞ্চালকালয়ে ২০১৪ চনত Ghanashyam Pharmaceuticalsৰ পৰা ১কোটি ১লাখ অতিৰিক্ত দাম দি ক্ৰয় কৰিছিল ৯৯ লাখ ৯৯ হাজাৰ ৯৯৫ টা ciprofloxacin টেবলেট। এইয়া মাত্ৰ দুটা উদাহৰনহে। হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকাৰ নেক্সাছকলৈ তদন্ত কৰিলে হয়তো ইয়াতকৈ বহু ডাঙৰ কেলেংকাৰীৰ তথ্য ধৰা পৰিব।
♦ভিডিঅ’ ৰূপত চাবলৈ ক্লিক কৰক এই লিংক দুটাত-https://youtu.be/x0PPueTt7KU

https://business.facebook.com/TheCrossCurrent/videos/1135502276816286/

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.