এখন চহৰত একোটা বাসগৃহৰ বেচাদাম ৮৫টকা! অবিশ্বাস্য হ’লেও সত্য।

Share This Article

এটা বাসগৃহৰ দাম ৮৫টকা! অবিশ্বাস্য হোৱাটো সাধাৰণ কথা। কিন্তু সঁচাকৈয়ে এটা ঘৰৰ দাম মাত্ৰ ৮৫টকাত বিক্ৰী কৰিব গৃহৰ মালিকে। কিন্তু ক’ত আছে এই ৮৫টকীয়া ঘৰ? কিয় বিক্ৰী কৰিব কেৱল ৮৫টকাৰ বিনিময়ত এটা ঘৰ?
ইটালী, ইটালীৰ সেই বিশেষ বাসগৃহ আপুনি লটাৰীৰ যোগেদি বা লাকী কুপনৰ জৰিয়তে লাভ নকৰে। ঘৰটোৰ বাবে আপুনি সোঁশৰীৰে যাব লাগিব ইটালীলৈ। বিগত কেইটামান দিনত ক’ৰোনাই ইটালীত যথেষ্ট সংক্ৰমণ ঘটাইছিল। কিন্তু এই চহৰখনৰ মতে কোনো লোকক প্ৰভাৱিত কৰিব পৰা নাই ক’ৰোনাই। সেয়ে তেওঁলোকে কৰোনামুক্ত চহৰখনলৈ আকৃষ্ট কৰিবলৈ লৈছে পদক্ষেপ। ইটালীৰ ক্যালাবিয়াৰৰ এই দক্ষিণ অ়ঞ্চলত মূলতঃ চিনকেফ্ৰন্দি সম্প্ৰদায়ে বাস কৰে। এই ছিনকেফ্ৰেণ্ডি চহৰৰ এগৰাকী ভদ্ৰ লোকে কয় যে এই চহৰখন অতি সুন্দৰ। ইয়াৰ পাৰিৱেশিক সাজসজ্জাও অতি মনোৰম। গছগছনিৰে ভৰপূৰ। ইয়াতেই আছে সেই বিশেষ গৃহ, যাৰ মূল্য কেৱল ১ ইউৰো অৰ্থাত্ ভাৰতীয় মূল্যত ৮৫.৭৯ টকা। এবাৰ এই দাম দি ক্ৰয় কৰাৰ পিছত পুনৰ কোনোধৰণৰ মূল্য দিব নালাগে এটা বাসগৃহ বাবদ। এয়া কোনো বিজ্ঞাপনী চমক নহয়। চহৰখনৰ মেয়ৰ মিচেল কেনিয়াই কয় যে ‘অপাৰেশ্যন বিউটী’ শীৰ্ষক এটা প্ৰকল্প হাতত লোৱা হৈছে। ই তাৰেই এটা অংশ। জনবসতিহীন চহৰখনত মানুহৰ হাৰ বৃদ্ধি কৰাটোৱে মূল উদ্দেশ্য বুলি প্ৰকাশ কৰিছে মেয়ৰজনে। সেইবাবেই অতি কম দামত বাসগৃহ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.