ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

Share with

-আগৰ খণ্ডৰ পৰা

জিতাদিত্য নাৰ্জাৰী

ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ কাম চলি আছে). বেছিভাগ ট্ৰেইনত চেয়াৰ কাৰ আছে। ভিৰ কম আৰু এদিন আগত অনলাইন বুক কৰিলেও পোৱা যায়। কম দূৰত্বৰ যাত্ৰী সকলৰ বাবে এইটো এটা উপযুক্ত ব্যৱস্থা। মই মাত্ৰ ৫৫ টকাত খিৰিকী কাষৰ ভাল চিট এটাত বহি আগৰতলা পালোঁ।

 

আগৰতলা চহৰখন যথেষ্ট ডাঙৰ। ভিৰ আৰু ট্রেফিক ইমান বেছি যে পল্টন বজাৰৰ মাজত সোমাই পৰা যেন লাগিল। ইয়াত ৰাজ প্ৰাসাদ (উজ্জয়ন্ত পেলেছ), মিউজিয়াম, আৰু আন কিছুমান চাবলগীয়া বস্তু আছে কিন্তু ভিৰ দেখি ইয়াত বেছি সময় থাকিবলৈ মন নগল আৰু মেপত মেলাঘৰ বুলি ঠাইখন ওচৰতে থকা দেখি তালৈ যোৱাটোৱে ঠিক হব বুলি ভাবিলো। অটো এখনে বাছ ষ্টেণ্ডলৈ লৈ গল। বাছ নাপালেও স্বেয়াৰ্ড গাড়ী এখনেৰে এক ঘণ্টাত মেলাঘৰ গৈ পালোঁ।

 

প্ৰথমে ঠাইখন ইমান সুবিধাজনক যেন নালাগিল। ঠেক ৰাস্তা এখনৰ চাৰিওফালে গঢ়ি উঠিছে বজাৰ। এনেকুৱা গাওঁ আৰু চহৰৰ মাজৰ পৰ্য্যায়ত থকা ঠাই অসমত বহুত দেখিছোঁ। ৰাজবংশৰ স্মৃতিবিজৰিত ঠাই বুলি কোৱা টান। কিন্তু অলপ বিচৰাৰ পিছত মই বজাৰখন এৰি ১০ মিনিটমান আগুৱাই গৈ হঠাৎ এখন মুকলি ঠাইত উপনীত হলো। সন্মুখত মোৰ এক বিশাল হ্ৰদ আৰু তাৰ মাজত আছে এক ৰাজপ্ৰসাদ। এইটো আছিল বিখ্যাত নীৰমহল। এনেকুৱা পানীৰ মাজত থকা অট্টালিকা ভাৰতত বেছি নাই। ৰাজস্থানত কেইটামান আছে কিন্তু নীৰমহল সেইবোৰৰ সমতুল্য। এই হ্ৰদটোৰ নাম ৰুদ্ৰসাগৰ আৰু হ্ৰদৰ পাৰত মই আগতে উল্লেখ কৰাৰ দৰে পৰ্য্যটন বিভাগৰ লজ এখনো আছে! ৭০০ টকাত ৰুমৰ ভাৰা অলপ বেছি যেন লাগিল কিন্তু ফেচিলিটি চাবলৈ গলে বেছি বুলি কোৱা নাযায়।

 

বাকী দিনটো মই নীৰ মহলতে কটালোঁ। হ্ৰদৰ পাৰত পৰ্য্যটকৰ বাবে নাওৰ ব্যৱস্থা আছে। অহা যোৱা কৰি থাকে। নীৰ মহল কিন্তু ভবাত কৈ বহুত ডাঙৰ। ১৯৩০ চনত বনোৱা এই প্ৰাসাদটো ভাৰতৰ আন বিভিন্ন বিখ্যাত ৰাজপ্ৰসাদৰ পৰা অনুপ্ৰাণিত যেন লাগে। জানুৱাৰী মাহত পানী কম আছিল। বৰষুণৰ সময়ত দেখাত বেছি ভাল লাগে বুলি বহুতে কলে।

পিছদিনা মই মেলাঘৰৰ পৰা শ্বেয়াৰ্ড জীপ এখন পাই ৩০ টকাত উদায়পুৰ পালোঁ। ভাৰতত এই নামৰ কেবাখনো ঠাই আছে। ৰাজস্থানৰ উদায়পুৰৰ কথা সকলোৱে জানে কিন্তু মই যোৱা নাই (বেছি বিখ্যাত ঠাইবোৰ লৈ যাব মন নাযায়)। হিমাচলৰ উদয়পুৰৰ কথা বেছি মানুহে নাজানে কিন্তু মই দেখিছোঁ। ত্ৰিপুৰাৰ উদয়পুৰৰ কথাও বেছি মানুহে নাজানে কিন্তু এইখন এখন গুৰুত্বপূৰ্ণ ঠাই।

 

আচলতে ইয়াক শিৱসাগৰৰ লগত তুলনা কৰা যায়। এইখন ত্ৰিপুৰাৰ পুৰণি ৰাজধানী আছিল। গতিকে ৰজাদিনীয়া মন্দিৰ কেবাটাও আছে, আৰু আছে ৰজাসকলে খন্দোৱা বহুকেইটা পুখুৰী। এই চহৰখন মেলাঘৰতকৈ যথেষ্ট ডাঙৰ। মই খুব সোনকালে এটা ৩০০ টকীয়া হোটেল বিচাৰি পালোঁ আৰু ৰুমত বেগটো থৈ ওলাই আহিলো।

 

চহৰৰ অলপ দুৰতে আছে ত্ৰিপুৰা সুন্দৰী মন্দিৰ। এই মন্দিৰটো ভাৰতৰ ৫১ টা শক্তিপীঠৰ এটা বুলি ধৰা হয়। গতিকে মন্দিৰটো কামাখ্যা মন্দিৰৰ সমকক্ষ। গোটেই ত্ৰিপুৰা ৰাজ্যৰ নামো এই স্থানৰ পৰাই ওলোৱা বুলি ধৰা হয়। এই মন্দিৰটো যথেষ্ট প্ৰাচীন কিন্তু যথেষ্ট মানুহৰ সমাগম হয় আৰু গতিকে বহুখিনি অংশ নতুনকৈ নিৰ্মাণ কৰা যেন লাগিল। মন্দিৰৰ পিছফালে এটা ডাঙৰ পুখুৰীও আছে। মন্দিৰটো চোৱাৰ পিছত মই খন কাঢ়ি গোমতি নদীৰ দিশে আগবাঢ়ি গলো কাৰণ মেপত সেইদিশে কেইবাটাও মন্দিৰ দেখা গৈ আছিল। মই গৈ ৪-৫ ত মন্দিৰ দেখা পালোঁ। এইবোৰ সৰু সৰু মধ্যযুগীয় মন্দিৰ। বংগৰ বহু ঠাইত এনে মন্দিৰ দেখা যায়। প্ৰাচীন কালত ত্ৰিপুৰা, বাংলাদেশ আৰু পশ্চিমবংগৰ মাজত থকা সম্পৰ্কটো ইয়াৰ পৰা বুজা যায়।

এই প্ৰাচীন সম্পৰ্ক আৰু অলপ ভালকৈ বুজিবলৈ পিছদিনা পুৱা মই ওলাল পিলাকলৈ। পিলাক হল এক প্ৰত্নতাত্বিক স্থান। বেছি মানুহ নাযায়। অলপ খবৰ লৈ জলাইবাৰি বুলি ঠাইখনলৈ বুলি জীপ এখনত উঠিলো। এইখিনি ত্ৰিপুৰাৰ দক্ষিণতম অংশ। বাংলাদেশৰ সীমাৰ পৰা বেছি দুৰ নহয়। এতিয়া লৈকে নেটৱৰ্ক ৰ সমস্যা হোৱা নাছিল কিন্তু উদয়পুৰ এৰাৰ লগে লগে ফোন নলগা হল। যিকিনহওক ডেৰ ঘণ্টামানৰ পিছত জলাইবাৰি পালোঁ। ভিতৰুৱা ঠাই হলেও, ইয়াতো এটা চৰকাৰী লজে দেখা পালোঁ যদিও মোৰ ইয়াত থকাৰ কোনো প্লেন নাছিল।

 

এইটো গাঁৱলীয়া অঞ্চল। খনন কাৰ্য্যত বহুত ভগ্নাৱশেষ বিচাৰি পোৱা হৈছে যদিও সেইবোৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ আছে। মোৰ হাতত বেছি সময় নাছিল। মই খৰধৰ কৈ কেইটামান স্থান বিচাৰি চালোঁ। এই ভগ্নাৱশেষবোৰ ৮ৰ পৰা ১২ শতিকাৰ বুলি ধৰা হয়। গতিকে এইবোৰ বৰ্তমানৰ ত্ৰিপুৰা আৰু বাংলাদেশ আৱৰি থকা সমটট ৰাজ্যৰ অৱশেষ বুলি ভবা হয়। হয়তো এসময়ত এই ঠাইত এখন ডাঙৰ চহৰ আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে প্ৰভাৱ দেখা যায়। কিছু পৰিমাণে পিলাকে মোৰ গোৱালপাৰাৰ শ্ৰী সূৰ্য্য পাহাৰৰ কথা মনত পেলাই দিলে। শ্ৰী সূৰ্য্য গুৱাহাটিৰ পৰা বেছি দুৰ নহয় কিন্তু বেছি মানুহ নাযায় আৰু সেই ভগ্নাৱশেষ খিনিও প্ৰায় একে সময়ৰ আৰু একে শৈলীৰ! এইবোৰ ঠাইৰ মাজত যদি কিবা সম্পৰ্ক আছিল মই নাজানো।

মোৰ ত্ৰিপুৰা যাত্ৰা এইখিনিতে শেষ হল। আৰু কেইখনমান চাবলগীয়া ঠাই আছিল। বিশেষকৈ দেৱতামুৰা বুলি আন এখন প্ৰত্নতাত্বিক স্থান, আৰু মিজোৰাম সীমান্তৰ জাম্পুই হিলছ বুলি পাহাৰীয়া ঠাই খিনি যোৱাৰ ইচ্ছা আছিল। কিন্তু হঠাৎ শুনিলো যে কিবা কাৰণত বৰাক উপত্যকাত বন্ধ হোৱাৰ সম্ভাৱনা আছে আৰু কিছুদিন লৈ বাছ আৰু ৰেল বন্ধ হব পাৰে। গতিকে মই সেই দিনাই আগৰতলালৈ আহি ৰাতিৰ বাছ ধৰি গুৱাহাটী ঘূৰি আহিলো। গতিকে আকৌ এবাৰ যাব লাগিব আৰু তেতিয়া এই ছিৰিজৰ তৃতীয় খণ্ডৰ লিখিব পাৰিম।

(জিতাদিত্য নাৰ্জাৰী এজন প্ৰতিস্থিত ভ্ৰমণ লেখক। তেখেতৰ অন্যান্য লেখা সমূহ পঢ়িবলৈ এই লিংকটোত ক্লিক কৰক-https://periplusnortheast.com/tripura-travel-guide/ )

COMMENTS

Leave a Reply

Your email address will not be published. Required fields are marked *