১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ লাডাখ সীমান্তত গুলীচালনা

Share This Article

লাডাখ সীমান্তত প্ৰথমবাৰলৈ ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজি  চীন চৰকাৰে ভাৰতীয় সেনাই যোৱা কালি অৰ্থাৎ ৭ ছেপ্টেম্বৰত LAC অতিক্ৰম কৰি সাৱধানমূলক গুলী চালনা কৰা বুলি ভাৰত চৰকাৰক দোষাৰোপ কৰিছিল।

কিন্তু কিছু সময়ৰ পূৰ্বে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃটি অনুসৰি ভাৰতীয় সেনাই LAC ৰ সীমা অতিক্ৰম কৰা নাই বুলি দাবী উত্থাপন কৰে আৰু জনায় যে চীনা সৈন্যইহে ভাৰতৰ এক সীমা অৱস্থানৰ কাষ চপাৰ চেষ্টা কৰিছিল আৰু নিজৰ সেনাক নিয়ন্ত্ৰণ কৰিবলৈ গুলী চালনা কৰিছিল।

উক্ত বিজ্ঞপ্তিত আৰু কোৱা হৈছে যে চীনা সৈন্যৰ এনে উচটনিৰ পিছতো ভাৰতীয় সেনাই সংযমপূৰ্ণ আৰু দায়িত্বশীল ভাবে এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি লাডাখ সীমান্তৰ পৰিস্থিতি বেয়াৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিছে। ভাৰত -চীনৰ মাজত থকা পৰস্পৰ বুজাবুজি অনুসৰি দুয়ো খন দেশৰ সৈন্যই সীমান্তত গুলী চালনা সাধাৰণতে নকৰে। ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ পিছত ১৯৭৫ চনত এনে ধৰণৰ গুলীচালনা হৈছিল। ইয়াৰ পিছত যোৱা কালিৰ গুলী চালনাৰ ঘটনা ৪৫ বছৰত প্ৰথম বাৰলৈ সংঘটিত হৈছে।তাকো এনে এক সময়ত যেতিয়া ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা কিছুদিন পূৰ্বে চীনা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চ পদস্ত বিষয়ববীয়াৰ সৈতে ৰাছিয়াত আলোচনাত মিলিত হৈছিল। যি সময়ত ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ সম্পৰ্কত কূটনৈতিক, সামৰিক আৰু ৰাজনৈতিক আলোচনা অব্যাহত আছে, তেনে সময়ত ভাৰত চীন সীমান্তত যোৱা কালিৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

pic: Deccan herald

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau