অসমে কি শিকিব গোৱাৰ পৰা?

       লাখ লাখ দেশী- বিদেশী পৰ্যটকৰ বাবে গোৱা আছিল–এ পাৰফেক্ট হলীডে ডেষ্টিনেশ্যন৷ প্ৰতিটো হলীডে, প্ৰতিটো উইকএণ্ডত পৰ্যটকৰ ভিৰত গিজগিজাই আছিল গোৱাৰ পাব আৰু বিচ্ছ৷ পৰ্যটনৰ অপ্ৰতিৰোধ্য ৰাজকুমাৰ আছিল গোৱা৷ সেই ৰাজকুমাৰী আজি যেন পৰিণত হৈছে অৱহেলিত বৃদ্ধাত৷ এইবাৰ কোনো নাই গোৱাত৷ কি খ্ৰীষ্টমাছ, কি ইয়েৰ এণ্ডিং, কি নিউ ইয়েৰ–শূন্য হৈ ৰ’ল গোৱাৰ ৰাজপথ৷ গোৱাত অভাৱনীয়ভাৱে হ্ৰাস পাইছে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা৷ ২০১৯ত গোৱালৈ যদি ৯.৪ লাখ বিদেশী পৰ্যটকৰ আগমন ঘটিছিল, ২০২৩ত সেয়া হ্ৰাস পালে ৪.০৩ লাখলৈ৷ গোৱাৰ এই সৌন্দৰ্যহানিয়ে দেশৰ পৰ্যটনলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ তাৰেই প্ৰেক্ষাপটত অসমৰো পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে৷
       ভাৰতত সাগৰসংলগ্ন বহু ঠাই আছে৷বহু ধুনীয়া বিচ্ছ আছে৷ কিন্তু তাৰপাছতো আটাইতকৈ দ্ৰুতগতিত বিকশিত হয় গোৱাৰ পৰ্যটন৷ গোৱাই কেৱল ভাৰতৰে নহয়, বিশ্বৰ অন্য প্ৰান্তৰো পৰ্যটন ক্ষেত্ৰসমূহকো দমন কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ আঁৰৰ কাৰণ কি আছিল? গোৱাই ভাৰতৰ মানুহক শিকাইছিল বিচ্ছৰ আনন্দ উপভোগ কৰিবলৈ৷ সুৰাৰ দাম আছিল তুলনামূলকভাৱে কম৷ কম খৰচত পাৰ্টী উদযাপনৰ ব্যৱস্থা এটা গঢ় লৈ উঠিছিল৷ তাৰ উপৰি বিদেশ যাত্ৰা আছিল কঠিন আৰু ব্যয়বহুল৷ ভাৰতীয় মানুহৰ বিদেশ যাত্ৰালৈ আছিল অহেতুক ভয়৷ সেইবাবেই  ব্যয় অনুকূল গোৱা হৈ পৰে সকলো দেশী অথবা  বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ৷ প্ৰায় ৫০ বছৰ গোৱাই ভাৰতৰ পৰ্যটনৰ মানচিত্ৰৰ একমাত্ৰ উজ্জ্বল আৰু আকৰ্ষণীয় গন্তব্য স্থান হৈ ৰয়৷ কিন্তু পৰিস্থতি লাহে লাহে সলনি হ’বলৈ ধৰিছে৷ গোৱাত লাহে লাহে পৰ্যটকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে৷এইবাৰ পৰ্যটনৰ আটাইতকৈ আকৰ্ষণীয় স্থান গোৱা প্ৰায় পৰ্যটক শূন্য হৈ ৰয়৷
       তাৰ কাৰণ বহুতেই বহু ধৰণে বিশ্লেষণ কৰিছে৷ কিন্তু এটা কেন্দ্ৰীয় সত্য এইটো যে পৰ্যটনৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱাত গোৱা ব্যৰ্থ হৈছে৷ ইণ্টাৰনেটৰ আগমনে যোগাযোগ ব্যৱস্থা আৰু তথ্যৰ উপলব্ধতা ইমানেই সহজসাধ্য কৰি তুলিছে যে বিশ্বৰ যিকোনো স্থানৰ পৰাই আমি যিকোনো পৰ্যটন ক্ষেত্ৰৰ বিষয়ে অনুসন্ধান কৰিব পাৰিম৷ কমি আহিছে বিদেশ ভ্ৰমণৰ জটিলতাও৷ স্কুলীয়া ছাত্ৰ এজনেও অনায়াসে বিদেশ ভ্ৰমণ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সেইবাবেই পৰিৱৰ্তিত পৰিস্থিতিত বিশ্বৰ সকলো দেশেই পৰ্যটকক আকৰ্ষণ কৰিবলৈ নতুন নতুন সুযোগ আৰু সুবিধা প্ৰদান কৰিছে৷ বিমান যাত্ৰাৰ ব্যয় হ্ৰাস কৰিছে, থকা–খোৱাত বিশেষ ৰেহাই আগবঢ়াইছে৷ তাৰ বিপৰীতে গোৱা বা ভাৰতৰ পৰ্যটন ক্ষেত্ৰসমূহত কি ঘটিল? বিশিষ্ট লেখক চেতন ভগতৰ মতে গোৱাৰ পৰ্যটনৰ বিপৰ্যয়ৰ কেইটামান বিশেষ কাৰণ আছে৷ প্ৰথম, গোৱাত টেক্সী ড্ৰাইভাৰৰ অতপালি দিনে দিনে বাঢ়িছে৷ গ্ৰাহকক প্ৰতাৰণা,যাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ নিয়মিত ঘটনা হৈ পৰিছে৷ দ্বিতীয়, গোৱাত সময় কটোৱাটো ব্যয়বহুল হৈ পৰিছে৷ যিসময়ত থাইলেণ্ডে হোটেলৰ ওপৰত প্ৰযোজ্য হোৱা ভেট ১০ৰ পৰা ৭ শতাংশলৈ হ্ৰাস পাইছে, সেই সময়ত গোৱাত হোটেলৰ ভাৰাৰ লগত আদায় দিব লাগে ২৮ শতাংশ জি এছ টি৷ তৃতীয়, সূৰ্যাস্তৰ দৃশ্য বাদ দি গোৱাৰ পৰ্যটনৰ বিকাশৰ বাবে কোনো নতুন উদ্ভাৱন কৰা নহ’ল৷ বিশ্বমানৰ পাৰ্ক নাই, বিচ্ছ ক্লাৱ নাই ইত্যাদি ইত্যাদি৷ চতুৰ্থ, গোৱাৰ যানজঁট মুম্বাইতকৈও যন্ত্ৰণাদায়ক৷জৰিমণা বিহিবলৈ লোলুপ দৃষ্টিৰে ৰৈ থাকে ট্ৰেফিক আৰক্ষী৷ পঞ্চম, গোৱাত এজন পৰ্যটকে মুকলি মুৰীয়াকৈ ফুৰিবলৈ স্বাচ্ছন্দ অনুভৱ কৰিব লাগিব৷ চুইম ছুটত বিচ্ছত নিৰাপদে ভ্ৰমণ কৰিব পাৰিব লাগিব৷ কিন্তু এচাম দেশীয় পুৰুষ পৰ্যটকৰ বাবে সেই স্বাচ্ছন্দ্য নোহোৱা হৈ পৰিছে৷ বৰ্তমান গোৱাৰ সমান একে খৰচ বা তাতকৈও কম টকাৰ এজন পৰ্যটকে মালয়েছিয়া, ফুকেট, ভিয়েটনাম আদি ভ্ৰমণ কৰিব পাৰে৷ সেইবাবেই পৰ্যটকে গোৱাতকৈ  অধিক পৰিষ্কাৰ, অধিক পৰ্যটক অনুকূল অন্য ঠাইক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিছে৷
       গোৱাৰ প্ৰতি এই অনীহাৰ সুযোগ নিশ্চয় অসম তথা উত্তৰ পূৱৰ ৰাজ্যসমূহে ল’ব পাৰে৷ তাৰ বাবে পৰ্যটকৰ পছন্দ অনুসাৰে অসম বা উত্তৰ পূৱৰ ৰাজ্যসমূহক গঢ় দিব লাগিব৷ পৰ্যটকক দুৰ্গম যাত্ৰাৰ অভিজ্ঞতা আৰু একেসময়তে নিৰাপত্তাও প্ৰদান কৰিব লাগিব৷ প্ৰকৃতিৰ নিবিড় সান্নিধ্য স্বাচ্ছন্দ্যৰে উপভোগ কৰাৰ সুযোগ দিব পাৰিব লাগিব৷ ভ্ৰমণ ব্যয় তুলনামূলকভাৱে কম হ’ব লাগিব, কম খৰচী পৰিবহণৰ ব্যৱস্থা থাকিব লাগিব, স্থানীয় নাগৰিকৰ ব্যৱহাৰ হ’ব লাগিব পৰ্যটকৰ বাবে আকৰ্ষণীয়৷ কিন্তু অসমত পৰ্যটনৰ তেনে এক আন্ত:গাঁথনি গঢ়ি উঠিছেনে? আদানিয়ে গুৱাহাটী বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পাছৰে পৰা গুৱাহাটী অভিমুখী বিমানৰ ব্যয় আকাশলংঘী হৈ গৈ আছে৷ অসমৰ পৰা আন প্ৰান্তলৈ, উত্তৰ পূৱৰ আন ৰাজ্যলৈ কম খৰচী ৰাজহুৱা পৰিবহণ এতিয়া উপলব্ধ নহয়৷ পৰ্যটকে নিজৰ মতে ভ্ৰমণৰ আনন্দ  উপভোগ কৰিব পৰাকৈ ৰাজ্যৰ পৰিৱেশ এতিয়াও গঢ়ি উঠা নাই৷ অসমৰ পৰ্যটন বিকাশৰ বিপুল সম্ভাৱনা যেনেকৈ আছে, প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকতাও তাতকৈ কম নহয়৷ পৰ্যটনৰ বিকাশৰ বাবে এক সৰ্বাত্মক পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰিব লাগিব৷ অন্যথা পৰ্যটনৰ বিকাশ কেৱল বিজ্ঞাপনতেই সীমাৱদ্ধ হৈ ৰ’ব৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296