লাখ লাখ দেশী- বিদেশী পৰ্যটকৰ বাবে গোৱা আছিল–এ পাৰফেক্ট হলীডে ডেষ্টিনেশ্যন৷ প্ৰতিটো হলীডে, প্ৰতিটো উইকএণ্ডত পৰ্যটকৰ ভিৰত গিজগিজাই আছিল গোৱাৰ পাব আৰু বিচ্ছ৷ পৰ্যটনৰ অপ্ৰতিৰোধ্য ৰাজকুমাৰ আছিল গোৱা৷ সেই ৰাজকুমাৰী আজি যেন পৰিণত হৈছে অৱহেলিত বৃদ্ধাত৷ এইবাৰ কোনো নাই গোৱাত৷ কি খ্ৰীষ্টমাছ, কি ইয়েৰ এণ্ডিং, কি নিউ ইয়েৰ–শূন্য হৈ ৰ’ল গোৱাৰ ৰাজপথ৷ গোৱাত অভাৱনীয়ভাৱে হ্ৰাস পাইছে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা৷ ২০১৯ত গোৱালৈ যদি ৯.৪ লাখ বিদেশী পৰ্যটকৰ আগমন ঘটিছিল, ২০২৩ত সেয়া হ্ৰাস পালে ৪.০৩ লাখলৈ৷ গোৱাৰ এই সৌন্দৰ্যহানিয়ে দেশৰ পৰ্যটনলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ তাৰেই প্ৰেক্ষাপটত অসমৰো পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে৷
ভাৰতত সাগৰসংলগ্ন বহু ঠাই আছে৷বহু ধুনীয়া বিচ্ছ আছে৷ কিন্তু তাৰপাছতো আটাইতকৈ দ্ৰুতগতিত বিকশিত হয় গোৱাৰ পৰ্যটন৷ গোৱাই কেৱল ভাৰতৰে নহয়, বিশ্বৰ অন্য প্ৰান্তৰো পৰ্যটন ক্ষেত্ৰসমূহকো দমন কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ আঁৰৰ কাৰণ কি আছিল? গোৱাই ভাৰতৰ মানুহক শিকাইছিল বিচ্ছৰ আনন্দ উপভোগ কৰিবলৈ৷ সুৰাৰ দাম আছিল তুলনামূলকভাৱে কম৷ কম খৰচত পাৰ্টী উদযাপনৰ ব্যৱস্থা এটা গঢ় লৈ উঠিছিল৷ তাৰ উপৰি বিদেশ যাত্ৰা আছিল কঠিন আৰু ব্যয়বহুল৷ ভাৰতীয় মানুহৰ বিদেশ যাত্ৰালৈ আছিল অহেতুক ভয়৷ সেইবাবেই ব্যয় অনুকূল গোৱা হৈ পৰে সকলো দেশী অথবা বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ৷ প্ৰায় ৫০ বছৰ গোৱাই ভাৰতৰ পৰ্যটনৰ মানচিত্ৰৰ একমাত্ৰ উজ্জ্বল আৰু আকৰ্ষণীয় গন্তব্য স্থান হৈ ৰয়৷ কিন্তু পৰিস্থতি লাহে লাহে সলনি হ’বলৈ ধৰিছে৷ গোৱাত লাহে লাহে পৰ্যটকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে৷এইবাৰ পৰ্যটনৰ আটাইতকৈ আকৰ্ষণীয় স্থান গোৱা প্ৰায় পৰ্যটক শূন্য হৈ ৰয়৷
তাৰ কাৰণ বহুতেই বহু ধৰণে বিশ্লেষণ কৰিছে৷ কিন্তু এটা কেন্দ্ৰীয় সত্য এইটো যে পৰ্যটনৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱাত গোৱা ব্যৰ্থ হৈছে৷ ইণ্টাৰনেটৰ আগমনে যোগাযোগ ব্যৱস্থা আৰু তথ্যৰ উপলব্ধতা ইমানেই সহজসাধ্য কৰি তুলিছে যে বিশ্বৰ যিকোনো স্থানৰ পৰাই আমি যিকোনো পৰ্যটন ক্ষেত্ৰৰ বিষয়ে অনুসন্ধান কৰিব পাৰিম৷ কমি আহিছে বিদেশ ভ্ৰমণৰ জটিলতাও৷ স্কুলীয়া ছাত্ৰ এজনেও অনায়াসে বিদেশ ভ্ৰমণ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সেইবাবেই পৰিৱৰ্তিত পৰিস্থিতিত বিশ্বৰ সকলো দেশেই পৰ্যটকক আকৰ্ষণ কৰিবলৈ নতুন নতুন সুযোগ আৰু সুবিধা প্ৰদান কৰিছে৷ বিমান যাত্ৰাৰ ব্যয় হ্ৰাস কৰিছে, থকা–খোৱাত বিশেষ ৰেহাই আগবঢ়াইছে৷ তাৰ বিপৰীতে গোৱা বা ভাৰতৰ পৰ্যটন ক্ষেত্ৰসমূহত কি ঘটিল? বিশিষ্ট লেখক চেতন ভগতৰ মতে গোৱাৰ পৰ্যটনৰ বিপৰ্যয়ৰ কেইটামান বিশেষ কাৰণ আছে৷ প্ৰথম, গোৱাত টেক্সী ড্ৰাইভাৰৰ অতপালি দিনে দিনে বাঢ়িছে৷ গ্ৰাহকক প্ৰতাৰণা,যাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ নিয়মিত ঘটনা হৈ পৰিছে৷ দ্বিতীয়, গোৱাত সময় কটোৱাটো ব্যয়বহুল হৈ পৰিছে৷ যিসময়ত থাইলেণ্ডে হোটেলৰ ওপৰত প্ৰযোজ্য হোৱা ভেট ১০ৰ পৰা ৭ শতাংশলৈ হ্ৰাস পাইছে, সেই সময়ত গোৱাত হোটেলৰ ভাৰাৰ লগত আদায় দিব লাগে ২৮ শতাংশ জি এছ টি৷ তৃতীয়, সূৰ্যাস্তৰ দৃশ্য বাদ দি গোৱাৰ পৰ্যটনৰ বিকাশৰ বাবে কোনো নতুন উদ্ভাৱন কৰা নহ’ল৷ বিশ্বমানৰ পাৰ্ক নাই, বিচ্ছ ক্লাৱ নাই ইত্যাদি ইত্যাদি৷ চতুৰ্থ, গোৱাৰ যানজঁট মুম্বাইতকৈও যন্ত্ৰণাদায়ক৷জৰিমণা বিহিবলৈ লোলুপ দৃষ্টিৰে ৰৈ থাকে ট্ৰেফিক আৰক্ষী৷ পঞ্চম, গোৱাত এজন পৰ্যটকে মুকলি মুৰীয়াকৈ ফুৰিবলৈ স্বাচ্ছন্দ অনুভৱ কৰিব লাগিব৷ চুইম ছুটত বিচ্ছত নিৰাপদে ভ্ৰমণ কৰিব পাৰিব লাগিব৷ কিন্তু এচাম দেশীয় পুৰুষ পৰ্যটকৰ বাবে সেই স্বাচ্ছন্দ্য নোহোৱা হৈ পৰিছে৷ বৰ্তমান গোৱাৰ সমান একে খৰচ বা তাতকৈও কম টকাৰ এজন পৰ্যটকে মালয়েছিয়া, ফুকেট, ভিয়েটনাম আদি ভ্ৰমণ কৰিব পাৰে৷ সেইবাবেই পৰ্যটকে গোৱাতকৈ অধিক পৰিষ্কাৰ, অধিক পৰ্যটক অনুকূল অন্য ঠাইক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিছে৷
গোৱাৰ প্ৰতি এই অনীহাৰ সুযোগ নিশ্চয় অসম তথা উত্তৰ পূৱৰ ৰাজ্যসমূহে ল’ব পাৰে৷ তাৰ বাবে পৰ্যটকৰ পছন্দ অনুসাৰে অসম বা উত্তৰ পূৱৰ ৰাজ্যসমূহক গঢ় দিব লাগিব৷ পৰ্যটকক দুৰ্গম যাত্ৰাৰ অভিজ্ঞতা আৰু একেসময়তে নিৰাপত্তাও প্ৰদান কৰিব লাগিব৷ প্ৰকৃতিৰ নিবিড় সান্নিধ্য স্বাচ্ছন্দ্যৰে উপভোগ কৰাৰ সুযোগ দিব পাৰিব লাগিব৷ ভ্ৰমণ ব্যয় তুলনামূলকভাৱে কম হ’ব লাগিব, কম খৰচী পৰিবহণৰ ব্যৱস্থা থাকিব লাগিব, স্থানীয় নাগৰিকৰ ব্যৱহাৰ হ’ব লাগিব পৰ্যটকৰ বাবে আকৰ্ষণীয়৷ কিন্তু অসমত পৰ্যটনৰ তেনে এক আন্ত:গাঁথনি গঢ়ি উঠিছেনে? আদানিয়ে গুৱাহাটী বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পাছৰে পৰা গুৱাহাটী অভিমুখী বিমানৰ ব্যয় আকাশলংঘী হৈ গৈ আছে৷ অসমৰ পৰা আন প্ৰান্তলৈ, উত্তৰ পূৱৰ আন ৰাজ্যলৈ কম খৰচী ৰাজহুৱা পৰিবহণ এতিয়া উপলব্ধ নহয়৷ পৰ্যটকে নিজৰ মতে ভ্ৰমণৰ আনন্দ উপভোগ কৰিব পৰাকৈ ৰাজ্যৰ পৰিৱেশ এতিয়াও গঢ়ি উঠা নাই৷ অসমৰ পৰ্যটন বিকাশৰ বিপুল সম্ভাৱনা যেনেকৈ আছে, প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকতাও তাতকৈ কম নহয়৷ পৰ্যটনৰ বিকাশৰ বাবে এক সৰ্বাত্মক পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰিব লাগিব৷ অন্যথা পৰ্যটনৰ বিকাশ কেৱল বিজ্ঞাপনতেই সীমাৱদ্ধ হৈ ৰ’ব৷