সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোভিডক লৈ নতুন সমীক্ষাত কি তথ্য প্ৰকাশ পালে ?

ভাৰতত অধিক সংক্ৰামক হৈ পৰিছে কোভিডৰ ডেল্টা ভেৰিয়েন্ট ৷ দেশৰ কোভিড আক্ৰান্তসকলৰ ৮৯ শতাংশৰ দেহত ধৰা পৰিছে ডেল্টা ভেৰিয়েন্টৰ উপস্থিতি ৷ পুণেস্থিত নেচনেল ইন্সটিটিউট অব ভাইৰ’লজীৰ শেহতীয়া এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিষ্ঠানটোৱে ৬৭৭ গৰাকী ডেল্টা ভেৰিয়েন্ট সংক্ৰমিত লোকক লৈ এক সমীক্ষা চলাইছিল ৷ এই সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি , আক্ৰান্তসকলৰ ৪৮২ গৰাকীৰ দেহত কোভিডৰ লক্ষণ ফুটি উঠিছিল ৷ ৭১ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় আৰু ৩ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে ৷  আক্ৰান্তসকলৰ ৬৯ শতাংশ আক্ৰান্তই জ্বৰত ভুগিছিল , ৫৬ শতাংশৰ মূৰ আৰু গাৰ বিষ  , ৪৫ শতাংশৰ কাহ , ২২ শতাংশৰ গোন্ধ আৰু সোৱাদ নোপোৱা আৰু ৬ শতাংশৰ ডায়েৰীয়াৰ লক্ষণ ফুটি উঠিছিল ৷

Leave A Reply

Your email address will not be published.