সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?

আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন বিশ্ববাসীয়ে দেখিছিল৷

আয়লান কুর্দিৰ দৰে নহ’লেও কালি তেনে এক দৃশ্যই দেখা গ’ল ছত্তিশগড়ত৷ বিভিন্ন সংবাদমাধ্যম আৰু চচিয়েল মিডিয়াত প্ৰচাৰ হোৱা এই ছবিত দেখা গৈছে, এখন হাতেৰে ট্ৰাকৰ ৰচীত উঠিবলৈ চেষ্টা কৰিছে এজন যুৱকে৷ যুৱকৰ আনখন হাতত ওলমি আছে এটি কনমানি৷ তলত এগৰাকী মহিলাই হাতেৰে কোনোমতে শিশুটিক পৰাৰ পৰা বচাবলৈ চেষ্টা কৰিছে৷ প্ৰবাসী শ্ৰমিকৰ এই অসহায় দৃশ্যত প্ৰকাশ পালে ক’ৰোনাই উদঙাই দিয়া প্ৰকৃত ভাৰতৰ ছবিখন৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.