২ ঘণ্টাৰ ভিতৰত বিক্ৰী ১০ কোটি টকাৰ টিকট

Share This Article

লকডাউনত দেশজুৰি শ্ৰমিকসকল পৰিছে চৰম দুৰৱস্থাত৷ ঘৰলৈ ঘুৰি যাব বিচৰা শ্ৰমিকসকল মাইলৰ মাইলৰ খোজকাঢ়িব লগা হৈছে৷ অৱশেষত ব্যৱস্থা হ’ল শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ৷ টিকটৰ ৮৫ % কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি কৈছিল যদিও প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি শ্ৰমিকসকলে নিজেই কাটিব লগা হৈছে টিকট৷ আনকি বহুতে টিকট বেছি দামতো কিনিব লগা হোৱাৰ লগতে দুনীর্তিৰো অভিযোগ উত্থাপন কৰিছে৷ তাৰ মাজতে আজিৰ পৰা চলিছে যাত্ৰীবাহী ৰেল৷ তাৰ বাবে সোমবাৰৰ পৰা IRCTCত আৰম্ভ হয় অনলাইন টিকট বুকিং৷ ২ ঘণ্টাৰ ভিতৰত বিক্ৰী হয় ১০ কোটি টকাৰ টিকট৷ বুকিং কৰিছে ৫৪,০০০ যাত্ৰীয়ে৷ খবৰ অনুসৰি এই যাত্ৰীসকলৰ গৰিষ্ঠসংখ্যকেই প্ৰবাসী শ্ৰমিক৷ সেয়ে প্ৰশ্ন উঠিছে,টিকটৰ ৮৫% মোদী চৰকাৰে দিম বুলি কোৱাৰ পিছতো কিয় শ্ৰমিকসকলে নিজৰ ধনেৰে টিকট কাটিব লগা হৈছে?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.