সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঈদৰ দিনা হোলী খেলা এখন ইছলামিক দেশ

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিলে কুৰবানী ঈদ ৷ কিন্তু ৯৯ শতাংশ ইছলাম ধৰ্মালম্বী লোকৰ এখন দেশে এক ব্যতিক্ৰম পদ্ধতিৰে উদযাপন কৰে আজিৰ দিনটো ৷ ঈদৰ দিনটোত কুৰবানীৰ সলনি উদযাপন কৰা হয় ৰঙৰ উৎসৱ ৷ ঠিক হোলীৰ নিচিনাকৈ ৷এই দিনটোত দেশখনৰ লোকসকলে সাগৰত নামি মৎস চিকাৰো কৰে ৷ এয়াই দেশখনৰ কুৰবানী ঈদ পালনৰ পৰম্পৰা ৷ দেশখন হ’ল মালদ্বীপ ৷ দেশ মানে সহস্ৰাধিক দ্বীপপুঞ্জৰ সমষ্টি ৷ মালদ্বীপৰ লোকবিশ্বাস অনুসৰি এই দিনটোত সাগৰৰ পৰা মাছৰ লগত উঠি আহিছিল ভূত ৷ ভূত বশ কৰা দিনটোৰ স্মৃতি হিচাপে স্থানীয় ৰাইজে সমূহীয়া ভাবে সাগৰত নামি মৎস চিকাৰ কৰে আৰু মাছৰ বিবিধ ব্যঞ্জন বনায় ৷ বহুতে ভূতৰ দৰে সাজোন কাচোন কৰে আৰু ৰঙ চটিয়ায় আনন্দ প্ৰকাশ কৰে ৷ নিশাৰ ভাগত সমুদ্ৰ তীৰত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ বিশ্বৰ ভিতৰত ব্যতিক্ৰম পৰম্পৰাৰে উদযাপন কৰা মালদ্বীপৰ ঈদৰ কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ বহু সংখ্যক পৰ্যটকৰো আগমন ঘটে ৷মালদ্বীপত জবাই কৰাৰ কোনো পৰম্পৰা নাই ৷ ঈদৰ দিনটোৰ খাদ্য তালিকাত থাকে মাছৰ লগতে মুৰ্গী ৷ বেচৰকাৰী সংস্থাসমূহৰ প্ৰচেষ্টাত যোৱা ১০ বছৰ মানৰ পৰা ছাগলীৰ মাংসৰো প্ৰচলন হৈছে ৷ এইবাৰো মালদ্বীপত পৰম্পৰা অনুসৰি হোলীৰ দৰেই উদযাপন কৰা হ’ল ঈদ ৷

Leave A Reply

Your email address will not be published.