Investigative reporting with dedication.

শেহতীয়াকৈ ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ তুলনামূলক ভাবে কিছু হ্ৰাস পাইছে যদিও শনিবাৰে মৃতকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে।
এই পৰ্যন্ত ৰাজ্যত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৭২৬। ইয়াৰে ৩১৪৪২ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ১০১৮০ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে।
একে সময়তে, ৰাজ্যত কৰোনাত আক্ৰান্ত হোৱা আৰক্ষী-জোৱানৰ সংখ্যাও বৃদ্ধি পাইছে। ৰাজ্যত প্ৰতিদিনে প্ৰায় ১০০ জনকৈ আৰক্ষী-জোৱান কৰোনাত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে।
অন্যহাতেদি, ৰাজ্যিক স্বাস্থ্য বিভাগে অহা ৪ আগষ্টৰ পৰা ৰাজ্যত দৈনিক ৫০ হাজাৰকৈ স্বাৱ পৰীক্ষা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।




