সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অহা ৬মাহত ভাৰতত হ’ব পাৰে ৩ লাখ শিশুৰ মৃত্যু- ইউনিচেফৰ সতৰ্কবাণী

ক’ৰোণা ভাইৰাছৰ ভয়ংকৰ আক্ৰমণত বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰ স্বাস্থ্যসেৱাৰ ওপৰত প্ৰচুৰ চাপৰ সৃষ্টি হৈছে। বৰ্তমান পৰিস্থিতিত দেশসমূহৰ স্বাস্থ্যখণ্ডৎ প্ৰায় সকলোখিনি সা-সুবিধা ক’ৰোণাৰ ৰোগাক্ৰান্তৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব লগা হৈছে।
এনে পৰিস্থিতিত স্বাস্থসেৱাৰ অনুকুলতাৰ বাবে শিশু স্বাস্থ্যৰ ওপৰত যে অতি বিৰূপ প্ৰভাৱ পৰিব সেয়াও নিশ্চিত আৰু ইয়াৰ ফলাফল যে ভয়ংকৰ হ’ব সেয়াও স্বাভাৱিক। ৰাষ্ট্ৰসংঘৰ সংগঠন ইউনিচেফে এই আশংকাই প্ৰকাশ কৰিছে।
ইউনিচেফে মন্তব্য কৰিছে ভাৰতৰ অহা দুমাহত এনে পৰিস্থিতিত পাঁচ বছৰতকৈ কম বয়সৰ তিনি লাখ শিশুৰ মৃত্যু হ’ব পাৰে আৰু এই পৰিসংখ্যাৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৈতে সম্পৰ্ক নাথাকিব।
ইউনিচেফৰ মতে সমগ্ৰ দক্ষিণ পূৱ এছিয়াত এই শিশুৰ মৃত্যুৰ সংখ্যা চাৰি লাখ চল্লিশ হাজাৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰে সর্বাধিক তিনি লাখ শিশুৰ মৃত্যু ভাৰতত হ’ব পাৰে বুলি ইউনিচেফে আশংকা প্ৰকাশ কৰিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.