পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ’ল গৰ্ভৱতী মহিলাই

Share This Article

পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ’ল গৰ্ভৱতী মহিলাই ৷ মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা পৰা মধ্যপ্ৰদেশলৈ সতনালৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত মহিলাগৰাকীয়ে জন্ম দিয়ে এক সন্তানৰ। মহিলাগৰাকীৰ ঘৰ মধ্যপ্ৰদেশলৈ সতনাত৷ স্বামীৰ সৈতে দুয়ো নাচিকত কাম কৰে শ্ৰমিক হিচাপে৷ শ্ৰমিক স্পেচিয়েল ৰেল চলিছিল যদিও ভাগ্যত নিমিলিল৷ সেয়ে মঙলবাৰে স্বামীৰ হাতত ধৰি গৃহাভিমুখী যাত্ৰা অৰম্ভ কৰে গৰ্ভৱতী মহিলাগৰাকীয়ে৷
আৰু যাত্ৰাৰ মাজতেই মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে আৰু প্ৰসৱৰ পিছত কেৱল দুঘণ্টা জিৰণী লৈ পুনৰ প্ৰায় ১৫০ কিলোমিটাৰ পদব্ৰজেই অগ্ৰসৰ হয়। এই কথা প্ৰকাশ কৰিছে মহিলাগৰাকীৰ স্বামীয়ে। লগতে তেওঁ ইয়াকো কয় যে আদবাটত এটা শিখ পৰিয়ালে নৱজাতকটিৰ বাবে কাপোৰ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান দিছিল।
অনুৰূপ এক ঘটনা কালি সংঘটিত হৈছিল তেলেংগানাত৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.