প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে কি বৃৃৃৃহৎ পদক্ষেপ ল’লে ?

Share This Article

প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷ কালি ৰাতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল “আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ় দিয়াৰ লক্ষৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ২৪ ঘন্টা নৌহওঁতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷ দেশৰ সমূহ অৰ্ধসামৰিক বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিভাগীয় কেণ্টিন সমুহত এতিয়াৰ পৰা কেৱল বিক্ৰী হ’ব দেশীয় ভাৱে উৎপাদিত পণ্য দ্ৰব্য ৷ ১ জুনৰ পৰাই এই সিদ্ধান্ত কাৰ্যকৰী হ’ব ৷ প্ৰায় ১০ লাখ আৰ্মড পুলিচ ফোৰ্ছ আৰু তেওঁলোকৰ পৰিয়ালৰ ৫০ লাখ সদস্যই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব দেশীয় ভাৱে উৎপাদিত দ্ৰব্য ৷
সংবাদ সংস্থাৰ বাতৰি অনুসৰি অৰ্ধ সামৰিক বাহিনীৰ কেণ্টিনৰ পৰা বছৰি দুই হাজাৰ নশ কৌটি টকাৰ সামগ্ৰী বিক্ৰী হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.