সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত কিয় এতিয়াও উপলব্ধ হোৱা নাই আমেৰিকান ভেকচিন ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ভাৰতক প্ৰদান কৰা ভেকচিনসমূহ এতিয়াও সৰ্বসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই ৷ অথচ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে লাভ কৰিছে আমেৰিকান ভেকচিন ৷  কিন্তু কিয় ? বাখ্যা আগবঢ়াইছে আমেৰিকান এম্বেছীয়ে ৷ আমেৰিকান এম্বেছীৰ মতে , ভাৰতক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকাই কোনোধৰণৰ পলম কৰা নাই ৷ কিন্তু ভাৰতে ভেকচিনৰ অনুদান গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা আইনী দিশসমূহ এতিয়াও চালি – জাৰি চাই আছে ৷ এবাৰ আইনী বাধা অতিক্ৰম কাৰৰ পাছতে সময়মতে আৰু দ্ৰুতগতিত ভাৰতক ভেকচিন যোগান ধৰা হ’ব ৷ উল্লেখ্য যে , আমেৰিকাত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হোৱাৰ পাছত এতিয়া দেশখনত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে ৷ ইয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতকে ধৰি অন্য দেশসমূহলৈ ভেকচিন যোগানৰ কথা ঘোষণা কৰিছিল ৷

Leave A Reply

Your email address will not be published.