মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-

Share This Article

পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব’র্ডৰ৷ কিন্তু  ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত  প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ মাজতে আজি অন্ত পৰিল আন এটা পৰীক্ষাৰ ফলাফলৰ উৎকন্ঠা৷ কিন্তু কি আছিল সেই পৰীক্ষা?পৰীক্ষা আছিল নৰেন্দ্ৰ মোদীৰ,যাৰ ফলাফলো প্ৰদান কৰা হল পূর্বৰ পাৰদর্শিতাৰ ওপৰত ভিত্তি কৰিয়েই৷ কিন্তু মোদীৰ পৰীক্ষাত কোনে পাছ কৰিলে,কোনে ফেইল কৰিলে? কোনে হেৰুৱালে, কোনে পালে? অসমবাসীয়ে জানি সুখী হ’ব যে হেৰুওৱা মর্যদা ঘূৰাই পালে সর্বানন্দ সোণোৱালে৷

সম্প্ৰসাৰিত মোদী মন্ত্ৰীসভাৰ ৪৩ জন নতুন মন্ত্ৰীয়ে আজি শপত গ্ৰহন কৰিলে৷বিজেপি সাংসদ নাৰায়ন ৰানেৰ পাছত দুই নম্বৰতে শপত ললে অসমৰ  প্ৰাক্তণ মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱালে৷শপত ললে বীৰেন্দ্ৰ কুমাৰ,জ্যোতিৰাদিত্য সিন্ধিয়া ,অনুৰাগ ঠাকুৰসহ সর্বমুঠ ৪৩ গৰাকী নতুন মন্ত্ৰীয়ে৷ মোদীৰ পৰীক্ষাত ৪৩ জন নেতা উত্তীৰ্ণ হোৱাৰ বিপৰীতে,অনুত্তীৰ্ণ হ’ল পুর্বৰ ১২ গৰাকী হেভিৱেট মন্ত্ৰী৷ কিন্তু কোন মন্ত্ৰী অনুত্তীৰ্ণ হ’ল,কিয় অনুত্তীৰ্ণ হ’ল ? অনুত্তীৰ্ণ  সকলৰ তালিকাত আছে-কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হর্ষ বর্ধন৷ প্ৰধানকৈ কোভিডকালীন পৰিস্থিতি নিয়ন্ত্ৰণত দেখুওৱা ব্যর্থতাৰ বাবেই মোদীৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ল হর্ষ বর্ধণ৷ আন এগৰাকী অনুত্তীর্ন মন্ত্ৰী –শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল৷ নক’লেও হব যে,শেহতীয়াকৈ মুকলি হোৱা শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰতিবেদনত দেশৰ ফলাফল আছিল অতি  শোচনীয়৷পৰিণতিত মোদীৰ পৰীক্ষাত অনুত্তীর্ণ হল ৰমেশ পোখৰিয়াল৷ বাকীসকল অনুত্তীর্ণৰ তালিকাত আছে- ৰাজ্যিক তথ্য মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ ,পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেৰকাৰ ,মহিলা আৰু শিশু সবলীকৰণ মন্ত্ৰী দেবশ্ৰী চৌধাৰী,মন্ত্ৰী সদানন্দ গৌড়া, সন্তোষ গংগৱাৰ,সঞ্জয় ধৌত্ৰী,বাবুল সুপ্ৰিয়, প্ৰতাপ সাৰাংগী আৰু ৰতন লাল কাতাৰিয়া৷

মোদী মন্ত্ৰীসভাত আজি নতুনকৈ অর্ন্তভুক্ত হোৱা ৪৩ জন মন্ত্ৰীৰ ভিতৰত ১৫ জনে লাভ কৰিছে কেবিনেট মন্ত্ৰীত্ব৷তেওলোক হ’ল – নাৰায়ণ ৰানে , সৰ্বানন্দ সোণোৱাল , বীৰেন্দ্ৰ কুমাৰ , জ্যোতিৰাদিত্য সিন্ধিয়া , আৰ পি সিঙ , অশ্বিনী বৈষ্ণৱ , পশুপতি কুমাৰ পাৰস , কিৰণ ৰিজিজু , ৰাজকুমাৰ সিংহ , হৰদ্বীপ সিঙ পুৰী , মনসুখ মণ্ডাবিয়া , ভূপেন্দ্ৰ যাদৱ , পুৰুষোত্তম ৰূপালা , জী কিষাণ ৰেড্ডী আৰু অনুৰাগ ঠাকুৰ ৷ আজি শপত লোৱা আন ৰাজ্যিক মন্ত্ৰীসকলৰ ভিতৰত আছে – পংকজ চৌধৰী , অনুপ্ৰিয়া পেটেল , সত্যপাল সিঙ বাঘেল , ৰাজীৱ চন্দ্ৰশেখৰ , শোভা কৰন্দলাজে , ভানুপ্ৰতাপ সিঙ বৰ্মা ,দৰ্শনা বিক্ৰম জৰদোশ , মিণাক্ষী লেখী , অন্নপূৰ্ণা দেৱী , এ নাৰায়ন স্বামী , কৌশল কিশোৰ ,অজয় ভট্ট , বি এল শৰ্মা , অজয় কুমাৰ , দেৱসিংহ চৌহান ,ভগৱন্ত খুবা , কপিল মোৰেশ্বৰ পাটিল , প্ৰতিমা ভৌমিক , ডা: সুভাষ চৰকাৰ , ভগৱত কৃষ্ণ ৰাৱ কৰাড ,ৰাজকুমাৰ ৰঞ্জন সিংহ , ডা: ভাৰতী প্ৰবীণ পাৱাৰ , বিশ্বেশ্বৰ ধুডু , শান্তনু ঠাকুৰ , মহেন্দ্ৰ ভাই মুঞ্জাপাৰা ,জন বাৰ্লা আৰু এল মুৰুগণ ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.