সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-

সৰ্বানন্দ সোণোৱালৰ কেনে ফলাফল ?

পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব’র্ডৰ৷ কিন্তু  ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত  প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ মাজতে আজি অন্ত পৰিল আন এটা পৰীক্ষাৰ ফলাফলৰ উৎকন্ঠা৷ কিন্তু কি আছিল সেই পৰীক্ষা?পৰীক্ষা আছিল নৰেন্দ্ৰ মোদীৰ,যাৰ ফলাফলো প্ৰদান কৰা হল পূর্বৰ পাৰদর্শিতাৰ ওপৰত ভিত্তি কৰিয়েই৷ কিন্তু মোদীৰ পৰীক্ষাত কোনে পাছ কৰিলে,কোনে ফেইল কৰিলে? কোনে হেৰুৱালে, কোনে পালে? অসমবাসীয়ে জানি সুখী হ’ব যে হেৰুওৱা মর্যদা ঘূৰাই পালে সর্বানন্দ সোণোৱালে৷

সম্প্ৰসাৰিত মোদী মন্ত্ৰীসভাৰ ৪৩ জন নতুন মন্ত্ৰীয়ে আজি শপত গ্ৰহন কৰিলে৷বিজেপি সাংসদ নাৰায়ন ৰানেৰ পাছত দুই নম্বৰতে শপত ললে অসমৰ  প্ৰাক্তণ মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱালে৷শপত ললে বীৰেন্দ্ৰ কুমাৰ,জ্যোতিৰাদিত্য সিন্ধিয়া ,অনুৰাগ ঠাকুৰসহ সর্বমুঠ ৪৩ গৰাকী নতুন মন্ত্ৰীয়ে৷ মোদীৰ পৰীক্ষাত ৪৩ জন নেতা উত্তীৰ্ণ হোৱাৰ বিপৰীতে,অনুত্তীৰ্ণ হ’ল পুর্বৰ ১২ গৰাকী হেভিৱেট মন্ত্ৰী৷ কিন্তু কোন মন্ত্ৰী অনুত্তীৰ্ণ হ’ল,কিয় অনুত্তীৰ্ণ হ’ল ? অনুত্তীৰ্ণ  সকলৰ তালিকাত আছে-কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হর্ষ বর্ধন৷ প্ৰধানকৈ কোভিডকালীন পৰিস্থিতি নিয়ন্ত্ৰণত দেখুওৱা ব্যর্থতাৰ বাবেই মোদীৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ল হর্ষ বর্ধণ৷ আন এগৰাকী অনুত্তীর্ন মন্ত্ৰী –শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল৷ নক’লেও হব যে,শেহতীয়াকৈ মুকলি হোৱা শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰতিবেদনত দেশৰ ফলাফল আছিল অতি  শোচনীয়৷পৰিণতিত মোদীৰ পৰীক্ষাত অনুত্তীর্ণ হল ৰমেশ পোখৰিয়াল৷ বাকীসকল অনুত্তীর্ণৰ তালিকাত আছে- ৰাজ্যিক তথ্য মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ ,পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেৰকাৰ ,মহিলা আৰু শিশু সবলীকৰণ মন্ত্ৰী দেবশ্ৰী চৌধাৰী,মন্ত্ৰী সদানন্দ গৌড়া, সন্তোষ গংগৱাৰ,সঞ্জয় ধৌত্ৰী,বাবুল সুপ্ৰিয়, প্ৰতাপ সাৰাংগী আৰু ৰতন লাল কাতাৰিয়া৷

- Donation -

মোদী মন্ত্ৰীসভাত আজি নতুনকৈ অর্ন্তভুক্ত হোৱা ৪৩ জন মন্ত্ৰীৰ ভিতৰত ১৫ জনে লাভ কৰিছে কেবিনেট মন্ত্ৰীত্ব৷তেওলোক হ’ল – নাৰায়ণ ৰানে , সৰ্বানন্দ সোণোৱাল , বীৰেন্দ্ৰ কুমাৰ , জ্যোতিৰাদিত্য সিন্ধিয়া , আৰ পি সিঙ , অশ্বিনী বৈষ্ণৱ , পশুপতি কুমাৰ পাৰস , কিৰণ ৰিজিজু , ৰাজকুমাৰ সিংহ , হৰদ্বীপ সিঙ পুৰী , মনসুখ মণ্ডাবিয়া , ভূপেন্দ্ৰ যাদৱ , পুৰুষোত্তম ৰূপালা , জী কিষাণ ৰেড্ডী আৰু অনুৰাগ ঠাকুৰ ৷ আজি শপত লোৱা আন ৰাজ্যিক মন্ত্ৰীসকলৰ ভিতৰত আছে – পংকজ চৌধৰী , অনুপ্ৰিয়া পেটেল , সত্যপাল সিঙ বাঘেল , ৰাজীৱ চন্দ্ৰশেখৰ , শোভা কৰন্দলাজে , ভানুপ্ৰতাপ সিঙ বৰ্মা ,দৰ্শনা বিক্ৰম জৰদোশ , মিণাক্ষী লেখী , অন্নপূৰ্ণা দেৱী , এ নাৰায়ন স্বামী , কৌশল কিশোৰ ,অজয় ভট্ট , বি এল শৰ্মা , অজয় কুমাৰ , দেৱসিংহ চৌহান ,ভগৱন্ত খুবা , কপিল মোৰেশ্বৰ পাটিল , প্ৰতিমা ভৌমিক , ডা: সুভাষ চৰকাৰ , ভগৱত কৃষ্ণ ৰাৱ কৰাড ,ৰাজকুমাৰ ৰঞ্জন সিংহ , ডা: ভাৰতী প্ৰবীণ পাৱাৰ , বিশ্বেশ্বৰ ধুডু , শান্তনু ঠাকুৰ , মহেন্দ্ৰ ভাই মুঞ্জাপাৰা ,জন বাৰ্লা আৰু এল মুৰুগণ ৷

 

Leave A Reply

Your email address will not be published.