ভাৰতত কিয় এতিয়াও উপলব্ধ হোৱা নাই আমেৰিকান ভেকচিন ?

Share This Article

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ভাৰতক প্ৰদান কৰা ভেকচিনসমূহ এতিয়াও সৰ্বসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই ৷ অথচ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে লাভ কৰিছে আমেৰিকান ভেকচিন ৷  কিন্তু কিয় ? বাখ্যা আগবঢ়াইছে আমেৰিকান এম্বেছীয়ে ৷ আমেৰিকান এম্বেছীৰ মতে , ভাৰতক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকাই কোনোধৰণৰ পলম কৰা নাই ৷ কিন্তু ভাৰতে ভেকচিনৰ অনুদান গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা আইনী দিশসমূহ এতিয়াও চালি – জাৰি চাই আছে ৷ এবাৰ আইনী বাধা অতিক্ৰম কাৰৰ পাছতে সময়মতে আৰু দ্ৰুতগতিত ভাৰতক ভেকচিন যোগান ধৰা হ’ব ৷ উল্লেখ্য যে , আমেৰিকাত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হোৱাৰ পাছত এতিয়া দেশখনত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে ৷ ইয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতকে ধৰি অন্য দেশসমূহলৈ ভেকচিন যোগানৰ কথা ঘোষণা কৰিছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.