নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?

Share This Article

ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে –
অভিজ্ঞতা :
• ৪ জন প্ৰাক্তণ মুখ্যমন্ত্ৰী ৷ ১৮ গৰাকী পূৰ্বৰ ৰাজ্যমন্ত্ৰী ৷
• ৩৯ গৰাকী পূৰ্বৰ বিধায়ক ৷ ইয়াৰ ভিতৰত ২৩ গৰাকী এনে সাংসদ যিয়ে একোটা সমষ্টিক ৩ বাৰতকৈ অধিক কাৰ্যকালৰ বাবে প্ৰতিনিধিত্ব কৰিছে ৷
• ৪৬ গৰাকী মন্ত্ৰীৰ কেন্দ্ৰীয় চৰকাৰত পূৰ্বে কাম কৰাৰ অভিজ্ঞতা আছে ৷
শিক্ষা আৰু বয়স :
• ১৩ গৰাকী উকীল , ৬ গৰাকী চিকিৎসক , ৫ গৰাকী অভিযন্তা, ৭ গৰাকী পূৰ্বৰ আমোলা ৷শপত ল’বলগীয়া ৪৩ মন্ত্ৰীৰ ৩১ গৰাকী উচ্চশিক্ষিত ৷
• নতুন টীম মোদীৰ গড় বয়স ৫৮ ৷ ১৪ গৰাকীৰ বয়স ৫০ বছৰতকৈ কম ৷
• ১১ গৰাকী মহিলা ৷ ২ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
জাতীয় সমীকৰণ :
• সংখ্যালঘু সম্প্ৰদায়ৰ ৫ মন্ত্ৰী ৷ ১ জন মুছলমান , ১ জন শিখ , ১ জন খ্ৰীষ্টিয়ান , ২ জন বৌদ্ধ ৷
• ২৭ গৰাকী অ’ বি চি ৷ ইয়াৰে ৫ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
• ৮ গৰাকী এছ টি ৷ ৩ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
• ১২ গৰাকী এছ চি ৷ ২ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
প্ৰমোচন :
৭ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে কেবিনেট মৰ্যদা লাভ কৰিব৷ তেওলোক হ’ল – অনুৰাগ ঠাকুৰ , জে কিষান ৰেড্ডী , মনসুখ মাণ্ডবিয়া , কিৰণ ৰিজিজু , আৰ কে সিঙ , হৰদ্বীপ সিঙ পুৰী , পুৰুষোত্তম ৰূপালা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.