সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আমেৰিকতৰ ২০২৪ৰ ভোটযুদ্ধঃ কি হ’বলৈ গৈ আছে এইবাৰ?

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সলনি ডেম’ক্ৰেটিক দলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে মনোনীত কৰাৰ পাছৰে পৰাই অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে এইবাৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ আকৰ্ষণীয় হৈ পৰিছে ডেম’ক্ৰেটিক প্ৰাৰ্থী কমলা হেৰিছ আৰু ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ মাজৰ তৰ্কযুদ্ধ৷ আমেৰিকাৰ আগশাৰীৰ টেলিভিছন চেনেল চি এন এনে এইবাৰৰ নিৰ্বাচনক শতিকাৰ আটাইতকৈ কঠিন নিৰ্বাচন বুলি অভিহিত কৰিছে৷ কোন দিশে আমেৰিকাৰ নিৰ্বাচন গতি কৰিছে , সেয়া বিশ্লেষণ কৰাৰ আগতে জানি লও আহক কিদৰে অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷

আমেৰিকাৰ এইবাৰৰ  ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দলৰ মাজতেই নিৰ্বাচন সীমাবদ্ধ হৈ থাকিব৷ দু্যোটা দলেই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে  নিজৰ দলৰ প্ৰাৰ্থী মনোনীত কৰে৷ এইবাৰ ৰিপাব্লিকান দলৰ পৰা ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনীত প্ৰাৰ্থী৷ ইয়াৰ বিপৰীতে ডেম’ক্ৰেটিক দলে প্ৰথমাৱস্থাত জ’ বাইডেনকে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল যদিও পাছত প্ৰাৰ্থী সলনি কৰে৷ ডেম’ক্ৰেটিক দলৰ মনোনীত প্ৰাৰ্থী হৈছে ভাৰতীয় মূলৰ কমলা হেৰিছ৷ জ’ বাইডেন প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ পাছত আন কোনো নেতাই কমলা হেৰিছৰ প্ৰাৰ্থিত্বক প্ৰত্যাহ্বান নজনালে৷ সেইবাবেই এইবাৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব জ’ বাইডেন আৰু কমলা হেৰিছৰ মাজত৷ ইয়াৰ বাহিৰেও ৰবাৰ্ট এফ কেনেডী জুনিয়ৰে স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছিল যদিও শেষত তেওঁ ড’নাল্ড ট্ৰাম্পকে সমৰ্থন জনায়৷

- Donation -

মতাদৰ্শগতভাৱে ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান দুটা সম্পূৰ্ণ পৃথক মতাদৰ্শৰ ৰাজনৈতিক দল৷ ডেম’ক্ৰেটিক এটা উদাৰবাদী দল৷ যিয়ে নাগৰিকৰ অধিকাৰ, সামাজিক সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আদি বিষয়ক আগস্থান দিয়ে৷ ইয়াৰ বিপৰীতে ৰিপাব্লিকান এটা কঠোৰ সংস্কাৰবাদী দল৷ যিয়ে কৰ হ্ৰাস, সৰু চৰকাৰ, প্ৰব্ৰজনৰ বিৰোধিতা, নাগৰিকৰ হাতত বন্দুক জমা ৰখাৰ অধিকাৰ, গৰ্ভপাতৰ ওপৰত প্ৰতিবন্ধকতাৰ বিষয়ক আগস্থান দিয়ে৷

এই দুই আদৰ্শৰ ভিত্তিতেই ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান দলে নিৰ্বাচনী এজেণ্ডা সাজু কৰে৷ কিন্তু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কোনগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰিছে, তাৰ জৰিয়তে বিজয়ী নিৰ্ধাৰণ কৰা নহয়৷ দুয়োটা দলেই আমেৰিকাৰ ৫০ খন ৰাজ্যতে প্ৰতিদ্বন্দ্বিতা কৰাটো বাঞ্চনীয়৷ কিয়নো এই ৫০ খন ৰাজ্যত আছে মুঠ ৫৩৮ খন ইলেক্ট’ৰেল কলেজ৷ যাক সাধাৰণ দৃষ্টিত এটা নিৰ্বাচনী সমষ্টি বুলি ধাৰণা কৰি ল’ব পাৰে৷ কিন্তু ভাৰতৰ সংসদীয় সমষ্টিতকৈ আমেৰিকাৰ ইলেক্ট’ৰেল কলেজ দুটা পৃথক ধাৰণা৷ জনসংখ্যাৰ ওপৰত ভিত্তি কৰিয়েই এই ইলেক্ট’ৰেল কলেজ সমূহ নিৰ্ধাৰণ কৰা হয়৷ এই ৫৩৮ খন ইলেক্ট’ৰেল কলেজৰ ভিতৰত ২৭০ বা তাতকৈ অধিক ইলেক্ট’ৰেল কলেজত বিজয়ী হোৱা জনকেই ৰাষ্ট্ৰপতি হিচাপে বিজয়ী ঘোষণা কৰা হয়৷ কেৱল দুখন ৰাজ্যক বাদ দি আন সকলো ৰাজ্যত যিগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰে, তেওঁকেই সেই ৰাজ্যৰ আটাইকেইখন ইলেক্ট’ৰেল কলেজৰ ভোট প্ৰদান কৰা হয়৷ বেছিভাগ ৰাজ্যই ডেম’ক্ৰেটিক বা ৰিপাব্লিকান দলৰ প্ৰতি মুকলি সমৰ্থন জনাই অহা দেখা যায়৷ সেইবাবেই প্ৰায় ১২ খন ৰাজ্যত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মূল যুঁজখন সীমাৱদ্ধ হৈ পৰে৷ কাৰণ, এইকেইখন ৰাজ্যত ভোটাৰে মন সলনি হোৱাৰ প্ৰৱণতা আছে৷

ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৬ চনত সৰ্বাধিক ভোট লাভ কৰিছিল হিলাৰী ক্লিণ্টনে৷ কিন্তু তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নহ’ল৷ কাৰণ, ইলেক্ট’ৰেল কলেজৰ ভোটত পৰাজিত হৈছিল হিলাৰী ক্লিণ্টন৷ সমগ্ৰ বিশ্বই আমেৰিকাৰ নিৰ্বাচনত চকু ৰাখে যে ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হ’ব৷ কিন্তু একেসময়তে আমেৰিকাৰ ভোটাৰে আমেৰিকান কংগ্ৰেছৰ সদস্যসকলকো নিৰ্বাচন কৰে৷ য’ত আইন গৃহীত হয়৷ আমেৰিকাত আছে দুখন সদন৷ এখন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু আনখন চিনেট৷

নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব জানুৱাৰী মাহত৷ ৱাশ্বিংটন ডি চিৰ কেপিটেল বিল্ডিঙৰ চিৰিত অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহন অনুষ্ঠান৷

এয়া আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি৷ বিগত নিৰ্বাচনত ৰিপাব্লিকান দলৰ ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ডেম’ক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেন ৷ এইবাৰৰ নিৰ্বাচনত ডেম’ক্ৰেটিকৰ বিৰুদ্ধে ডোনাল্ড ট্ৰাম্পে মূলতঃ মূল্যবৃদ্ধি আৰু কৃষকৰ ইছ্যুকেই প্ৰাধান্য দিছে৷ ট্ৰাম্পে এক্সত শ্বেয়াৰ কৰিছে তেওঁৰ আমোলত আৰু জ’ বাইডেনৰ আমোলত হোৱা মূল্যবৃদ্ধিৰ তুলনামূলক তথ্য৷ য’ত কফি, গাখীৰ, মুৰ্গী মাংস, কণী, চীজ, আলু আদিত হোৱা মূল্যবৃদ্ধিৰ তথ্য দাঙি দৰা হৈছে৷

ইয়াৰ বাহিৰেও প্ৰেচিডেন্সিয়েল ডিবেটত আমেৰিকাৰ কৃষকক উদ্দেশ্য কৰি ডোনাল্ড ট্ৰাম্পে কৈছে যে যদিহে তেওঁ পৰাজিত হয়, তেনেহ’লে কৃষকৰ ফাৰ্মবোৰ আৰু বেছিদিনলৈ নচলিব৷ বিজুলীৰ দাম কৃষকৰ মূৰৰ ওপৰেদি যাব৷ কোনো কৃষকৰ বাবে আৰু কৃষি কাৰ্য কৰাটো সম্ভৱ নহ’ব৷ ট্ৰাম্প এইদৰে আাগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলালেও বিভিন্ন সংবাদ সংস্থাৰ প্ৰতিবেদনত এতিয়াও আগুৱাই আছে কমলা হেৰিছ৷ চি এন এনৰ প্ৰতিবেদন মতেই সংবাদ সংস্থাটোৰ শেহতীয়া সমীক্ষাত কমলা হেৰিছে ৫০ শতাংশ ৰেটিং লাভ কৰাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ৪৭ শতাংশ ৰেটিং লাভ কৰিছে৷ আন এটা সংবাদ সংস্থা এন বি চি নিউজৰ সমীক্ষাত কমলা হেৰিছে ৪৯ শতাংশ ৰেটিং লাভ কৰাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ৪৪ শতাংশ ৰেটিং লাভ কৰিছে৷ কমলা হেৰিছ সামান্য ব্যৱধানত আগবাঢ়ি থাকিলেও এইবাৰৰ নিৰ্বাচন ইমানেই কঠিন হৈ পৰিছে যে কোনেও ফলাফলৰ পূ্ৰ্বানুমান এতিয়ালৈকে কৰিব পৰা নাই।

Leave A Reply

Your email address will not be published.