আমেৰিকতৰ ২০২৪ৰ ভোটযুদ্ধঃ কি হ’বলৈ গৈ আছে এইবাৰ?

Share This Article

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সলনি ডেম’ক্ৰেটিক দলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে মনোনীত কৰাৰ পাছৰে পৰাই অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে এইবাৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ আকৰ্ষণীয় হৈ পৰিছে ডেম’ক্ৰেটিক প্ৰাৰ্থী কমলা হেৰিছ আৰু ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ মাজৰ তৰ্কযুদ্ধ৷ আমেৰিকাৰ আগশাৰীৰ টেলিভিছন চেনেল চি এন এনে এইবাৰৰ নিৰ্বাচনক শতিকাৰ আটাইতকৈ কঠিন নিৰ্বাচন বুলি অভিহিত কৰিছে৷ কোন দিশে আমেৰিকাৰ নিৰ্বাচন গতি কৰিছে , সেয়া বিশ্লেষণ কৰাৰ আগতে জানি লও আহক কিদৰে অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷

আমেৰিকাৰ এইবাৰৰ  ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দলৰ মাজতেই নিৰ্বাচন সীমাবদ্ধ হৈ থাকিব৷ দু্যোটা দলেই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে  নিজৰ দলৰ প্ৰাৰ্থী মনোনীত কৰে৷ এইবাৰ ৰিপাব্লিকান দলৰ পৰা ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনীত প্ৰাৰ্থী৷ ইয়াৰ বিপৰীতে ডেম’ক্ৰেটিক দলে প্ৰথমাৱস্থাত জ’ বাইডেনকে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল যদিও পাছত প্ৰাৰ্থী সলনি কৰে৷ ডেম’ক্ৰেটিক দলৰ মনোনীত প্ৰাৰ্থী হৈছে ভাৰতীয় মূলৰ কমলা হেৰিছ৷ জ’ বাইডেন প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ পাছত আন কোনো নেতাই কমলা হেৰিছৰ প্ৰাৰ্থিত্বক প্ৰত্যাহ্বান নজনালে৷ সেইবাবেই এইবাৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব জ’ বাইডেন আৰু কমলা হেৰিছৰ মাজত৷ ইয়াৰ বাহিৰেও ৰবাৰ্ট এফ কেনেডী জুনিয়ৰে স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছিল যদিও শেষত তেওঁ ড’নাল্ড ট্ৰাম্পকে সমৰ্থন জনায়৷

মতাদৰ্শগতভাৱে ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান দুটা সম্পূৰ্ণ পৃথক মতাদৰ্শৰ ৰাজনৈতিক দল৷ ডেম’ক্ৰেটিক এটা উদাৰবাদী দল৷ যিয়ে নাগৰিকৰ অধিকাৰ, সামাজিক সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আদি বিষয়ক আগস্থান দিয়ে৷ ইয়াৰ বিপৰীতে ৰিপাব্লিকান এটা কঠোৰ সংস্কাৰবাদী দল৷ যিয়ে কৰ হ্ৰাস, সৰু চৰকাৰ, প্ৰব্ৰজনৰ বিৰোধিতা, নাগৰিকৰ হাতত বন্দুক জমা ৰখাৰ অধিকাৰ, গৰ্ভপাতৰ ওপৰত প্ৰতিবন্ধকতাৰ বিষয়ক আগস্থান দিয়ে৷

এই দুই আদৰ্শৰ ভিত্তিতেই ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান দলে নিৰ্বাচনী এজেণ্ডা সাজু কৰে৷ কিন্তু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কোনগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰিছে, তাৰ জৰিয়তে বিজয়ী নিৰ্ধাৰণ কৰা নহয়৷ দুয়োটা দলেই আমেৰিকাৰ ৫০ খন ৰাজ্যতে প্ৰতিদ্বন্দ্বিতা কৰাটো বাঞ্চনীয়৷ কিয়নো এই ৫০ খন ৰাজ্যত আছে মুঠ ৫৩৮ খন ইলেক্ট’ৰেল কলেজ৷ যাক সাধাৰণ দৃষ্টিত এটা নিৰ্বাচনী সমষ্টি বুলি ধাৰণা কৰি ল’ব পাৰে৷ কিন্তু ভাৰতৰ সংসদীয় সমষ্টিতকৈ আমেৰিকাৰ ইলেক্ট’ৰেল কলেজ দুটা পৃথক ধাৰণা৷ জনসংখ্যাৰ ওপৰত ভিত্তি কৰিয়েই এই ইলেক্ট’ৰেল কলেজ সমূহ নিৰ্ধাৰণ কৰা হয়৷ এই ৫৩৮ খন ইলেক্ট’ৰেল কলেজৰ ভিতৰত ২৭০ বা তাতকৈ অধিক ইলেক্ট’ৰেল কলেজত বিজয়ী হোৱা জনকেই ৰাষ্ট্ৰপতি হিচাপে বিজয়ী ঘোষণা কৰা হয়৷ কেৱল দুখন ৰাজ্যক বাদ দি আন সকলো ৰাজ্যত যিগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰে, তেওঁকেই সেই ৰাজ্যৰ আটাইকেইখন ইলেক্ট’ৰেল কলেজৰ ভোট প্ৰদান কৰা হয়৷ বেছিভাগ ৰাজ্যই ডেম’ক্ৰেটিক বা ৰিপাব্লিকান দলৰ প্ৰতি মুকলি সমৰ্থন জনাই অহা দেখা যায়৷ সেইবাবেই প্ৰায় ১২ খন ৰাজ্যত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মূল যুঁজখন সীমাৱদ্ধ হৈ পৰে৷ কাৰণ, এইকেইখন ৰাজ্যত ভোটাৰে মন সলনি হোৱাৰ প্ৰৱণতা আছে৷

ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৬ চনত সৰ্বাধিক ভোট লাভ কৰিছিল হিলাৰী ক্লিণ্টনে৷ কিন্তু তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নহ’ল৷ কাৰণ, ইলেক্ট’ৰেল কলেজৰ ভোটত পৰাজিত হৈছিল হিলাৰী ক্লিণ্টন৷ সমগ্ৰ বিশ্বই আমেৰিকাৰ নিৰ্বাচনত চকু ৰাখে যে ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হ’ব৷ কিন্তু একেসময়তে আমেৰিকাৰ ভোটাৰে আমেৰিকান কংগ্ৰেছৰ সদস্যসকলকো নিৰ্বাচন কৰে৷ য’ত আইন গৃহীত হয়৷ আমেৰিকাত আছে দুখন সদন৷ এখন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু আনখন চিনেট৷

নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব জানুৱাৰী মাহত৷ ৱাশ্বিংটন ডি চিৰ কেপিটেল বিল্ডিঙৰ চিৰিত অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহন অনুষ্ঠান৷

এয়া আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি৷ বিগত নিৰ্বাচনত ৰিপাব্লিকান দলৰ ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ডেম’ক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেন ৷ এইবাৰৰ নিৰ্বাচনত ডেম’ক্ৰেটিকৰ বিৰুদ্ধে ডোনাল্ড ট্ৰাম্পে মূলতঃ মূল্যবৃদ্ধি আৰু কৃষকৰ ইছ্যুকেই প্ৰাধান্য দিছে৷ ট্ৰাম্পে এক্সত শ্বেয়াৰ কৰিছে তেওঁৰ আমোলত আৰু জ’ বাইডেনৰ আমোলত হোৱা মূল্যবৃদ্ধিৰ তুলনামূলক তথ্য৷ য’ত কফি, গাখীৰ, মুৰ্গী মাংস, কণী, চীজ, আলু আদিত হোৱা মূল্যবৃদ্ধিৰ তথ্য দাঙি দৰা হৈছে৷

ইয়াৰ বাহিৰেও প্ৰেচিডেন্সিয়েল ডিবেটত আমেৰিকাৰ কৃষকক উদ্দেশ্য কৰি ডোনাল্ড ট্ৰাম্পে কৈছে যে যদিহে তেওঁ পৰাজিত হয়, তেনেহ’লে কৃষকৰ ফাৰ্মবোৰ আৰু বেছিদিনলৈ নচলিব৷ বিজুলীৰ দাম কৃষকৰ মূৰৰ ওপৰেদি যাব৷ কোনো কৃষকৰ বাবে আৰু কৃষি কাৰ্য কৰাটো সম্ভৱ নহ’ব৷ ট্ৰাম্প এইদৰে আাগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলালেও বিভিন্ন সংবাদ সংস্থাৰ প্ৰতিবেদনত এতিয়াও আগুৱাই আছে কমলা হেৰিছ৷ চি এন এনৰ প্ৰতিবেদন মতেই সংবাদ সংস্থাটোৰ শেহতীয়া সমীক্ষাত কমলা হেৰিছে ৫০ শতাংশ ৰেটিং লাভ কৰাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ৪৭ শতাংশ ৰেটিং লাভ কৰিছে৷ আন এটা সংবাদ সংস্থা এন বি চি নিউজৰ সমীক্ষাত কমলা হেৰিছে ৪৯ শতাংশ ৰেটিং লাভ কৰাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ৪৪ শতাংশ ৰেটিং লাভ কৰিছে৷ কমলা হেৰিছ সামান্য ব্যৱধানত আগবাঢ়ি থাকিলেও এইবাৰৰ নিৰ্বাচন ইমানেই কঠিন হৈ পৰিছে যে কোনেও ফলাফলৰ পূ্ৰ্বানুমান এতিয়ালৈকে কৰিব পৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.