২০২৪ৰ আমৰিকাৰ ভোটযুদ্ধঃ কিয় সাক্ষাৎ নহ’ল ড’নাল্ড ট্ৰাম্প-নৰেন্দ্ৰ মোদীৰ?

Share This Article
  • ২০১৯ ত মোদীয়ে দিছিল ‘ অব কী বাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গান
  • ২০২০ ত আহমেদাবাদত ট্ৰাম্পক মোদীয়ে জনাইছিল উষ্ম আদৰণি
  • ২০২৪ ত কিয় ট্ৰাম্পৰ ওচৰ নাচাপিল নৰেন্দ্ৰ মোদী

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২০২৫ চনৰ জানুৱাৰী মাহত শপতগ্ৰহণ কৰিব নতুন মাৰ্কিন ৰাষ্ট্ৰপতিয়ে৷ তাৰ পূৰ্বে ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে৷ প্ৰচাৰ চলি থকাৰ মাজতেই ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ৰাজহুৱাকৈ মন্তব্য কৰিছিল যে শীঘ্ৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ অতি সোনকালেই লগ পাব৷ এই মন্তব্যৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিলে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনকে ধৰি বহুকেইখন দেশৰ মুৰব্বীকো সাক্ষাত্ কৰিলে৷

ভ্ৰমণ সামৰি নৰেন্দ্ৰ মোদী ভাৰতলৈ উভতি আহিল৷ কিন্তু ড’নাল্ড ট্ৰাম্পে কোৱা ধৰণে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সাক্ষাত নকৰিলে৷ কিন্তু কিয়? এই প্ৰশ্ন এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে৷

নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে চৰ্চা চলিছিল যে নিউয়ৰ্ক বা আইলেণ্ডত ভাৰতীয় প্ৰবাসীৰ সৈতে নৰেন্দ্ৰ মোদীৰ সাক্ষাত্ অনুষ্ঠানলৈ ড’নাল্ড ট্ৰাম্পক নিমন্ত্রণ জনোৱা হ’ব পাৰে৷২০১৯ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ গৈছিল, তাত হিউষ্টনত অনুষ্ঠিত হাউদী মোদী ৰেলীলৈ ট্ৰাম্পক আমন্ত্ৰণ জনোৱা হৈছিল৷ প্ৰবাসী ভাৰতীয়ৰ সন্মুখত তেওঁ ‘অৱ কীবাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গানো দিছিল৷ তাৰ পাছত আহমেদাবাদত ড’নাল্ড ট্ৰাম্পৰ সম্ভাষণৰ বাবে বিশাল অনুষ্ঠানৰো আয়োজন কৰিছিল৷ তেনেহ’লে ২০২৪ চনত এনে কি হ’ল যে বন্ধু বুলি কোৱাৰ পাছতো ড’নাল্ড ট্ৰাম্পক মোদীয়ে সাক্ষাৎ নকৰিলে!

এই লৈ এতিয়া দুয়োখন দেশতে চৰ্চা আৰম্ভ হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ মতে নৰেন্দ্ৰ মোদীয়ে সাক্ষাত কৰিবলগীয়া হ’লে কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পক দুয়োজনকে সাক্ষাত্ কৰিবলগীয়া হ’লহেঁতেন৷ যিকোনো এজন প্ৰাৰ্থীক সাক্ষাত কৰিলে দুয়োখন দেশৰ বৈদেশিক সম্পৰ্ক বিঘ্নিত হোৱাৰ আশংকা থাকে৷ তদুপৰি আমেৰিকাৰ ৰাজনীতিত ২০১৯ চনত ড’নাল্ড ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ঘৰুৱা ৰাজনীতিতো হস্তক্ষেপ কৰিছিল৷ যাক লৈ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ৷ সেইবাবেই এইবাৰ ড’নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ দুয়োজনকে সাক্ষাত কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ সেয়া সম্ভৱ হৈ নুঠা বাবেই হয়তো ড’নাল্ড ট্ৰাম্পক সাক্ষাত্ কৰাৰ পৰিকল্পনাও শেষ মুহূৰ্তত বাতিল কৰা হ’ল৷

ইফালে বিগত কেইটামান বছৰত ভাৰতৰ কূটনৈতিক নীতিৰো সলনি হৈছে৷ এই সলনিৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিকো সাক্ষাত্ কৰিছিল৷ তাৰ পৰা স্পষ্ট ইংগিত দিব বিচাৰিছিল যে যুদ্ধৰ সামৰণিৰ ক্ষেত্ৰত ভাৰতে নিজৰ ভূমিকা পালন কৰিবলৈ সাজু ৷ ইয়াৰ আগলৈকে ভাৰত ৰাছিয়াৰ পক্ষত  থকাৰ দৰে এটা ধাৰণাৰ সৃষ্টি হৈছিল৷ সেই ধাৰণাৰ যতি পেলাবলৈকে নৰেন্দ্ৰ মোদীয়ে জেলেনেস্কিক সাক্ষাত কৰাৰ সিদ্ধান্ত লয়৷

ইফালে, ভাৰতৰ প্ৰতি চীন যিমানেই আক্ৰমণাত্মক হৈ আছে, সিমানেই ভাৰতক আমেৰিকাৰ সমৰ্থনৰ প্ৰয়োজন বাঢ়ি গৈ আছে৷আমেৰিকাৰ লগতে পশ্চিমীয়া দেশসমূহৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাটো ভাৰতৰ বাবে একপ্ৰকাৰ কূটনৈতিক বাধ্যবাধকতাও হৈ পৰিছ৷ সেইবাবেই অনিশ্চয়তাৰ মাজত সোমাই পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক সাক্ষাতৰ পৰা বিৰত থাকে নৰেন্দ্ৰ মোদী৷ কাৰণ, বিগত নিৰ্বাচনত ট্ৰাম্পৰ সমৰ্থনত মুকলিকৈ প্ৰচাৰ চলোৱাৰ পাছতো ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল জ’ বাইডেন৷ সেইবাবেই এইবাৰ তেনে ভূমিকা লোৱাৰ পৰা বিৰত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.