সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও যিবোৰ কথাৰে আক্ৰমণ কৰা হৈছে সেয়া প্ৰকাশৰ অযোগ্য ৷ লেখিকাগৰাকীয়ে এদিন পূৰ্বে এটা ফেচবুক পোষ্টত এইদৰে আহ্বান জনাইছিল –‘মাথো এটা সন্ধ্যাৰ বাবেই কলপুলিটো কেনেকৈ কাটে ? উৎসৱৰ নামত কলপুলিবোৰ নামাৰিব ৷’ তেনেই সামান্য আৰু সৰু এটা মন্তব্য ৷ হয়তো কাৰোবাৰ ইয়াৰ লগত সহমত থাকিব পাৰে , আন কাৰোবাৰ বিৰোধিতা ৷ কিন্তু বিৰোধিতাৰ নামত যি সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে , সেয়া সভ্য সমাজৰ পৰিপন্থী ঘটনা ৷ফেচবুকত অতি সঘনে এনে ভাৰ্ছুয়েল নিগ্ৰহৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷ইয়াৰ বাবে জগৰীয়া কোন ? ৰাজনৈতিক শক্তিৰ পৃষ্ঠপোষকতা লাভ কৰা ট্ৰোল আৰ্মি নে ফেচবুক নিজেই ?

এখন নিয়ন্ত্ৰণহীন , যুদ্ধোন্মাদ সমাজৰ বাবে খাৰ – বাৰুদ প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খোদ ফেচবুকৰ বিৰুদ্ধে ৷ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৰ প্ৰাক্তণ শীৰ্ষ বিষয়া ফ্ৰান্সেছ হাউগেনে ৷ তেও শেহতীয়াকৈ ফাদিল কৰিছে ফেচবুকৰ কেতবোৰ গোপন প্ৰতিবেদন , নথি পত্ৰ ৷ আমেৰিকাৰ সংবাদ পত্ৰত ফেচবুক পেপাৰ্ছ নামেৰে সেয়া খণ্ড খণ্ডকৈ প্ৰকাশ পাইছে ৷ ইয়াৰ ভিত্তিতে আৰম্ভ হৈছে মাৰ্কিন কংগ্ৰেছৰ তদন্ত ৷ কাঠগড়াত থিয় হৈছে খোদ মাৰ্ক জুকাৰবাৰ্গ ৷ কাৰণ , ফাদিল হোৱা ফেচবুক পেপাৰ্ছৰ পৰা স্পষ্ট হৈ পৰে যে ফেচবুকৰ ব্যৱসায়ৰ পৰা ডলাৰৰ উপৰি ডলাৰ উপাৰ্জন কৰাত মাৰ্ক জুকাৰবাৰ্গ যিমান আগ্ৰহী , তাৰ তুলনাত তিলমানো আগ্ৰহী নহয় ফেচবুকৰ জড়িয়তে বিয়পি পৰা ঘৃণা , বিদ্বেষ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৷
ফেচবুকৰ জড়িয়তে কিদৰে আটাইতকৈ বেছি অপপ্ৰচাৰ চলোৱা হয় , কেনেকৈ কিছুমান বিশেষ ব্যক্তিক ভি আই পিৰ মৰ্যদা দি ফেচবুকে অপপ্ৰচাৰ চলোৱাৰ সুযোগ প্ৰদান কৰে- এই সকলোবোৰ ঘটনা ফেচবুক পেপাৰ্ছৰ জড়িয়তে পোহৰলৈ আহিছে ৷ ভাৰতৰ দৰে দেশৰ বাবে তাতোকৈ ভয়ংকৰ হ’ল- ফেচবুকত ব্যৱহৃত প্ৰযুক্তি ৷ ২০১৮ চনৰ পৰা ফেচবুকে আৰম্ভ কৰে এটা নতুন প্ৰযুক্তি বা এলগোৰিদম , যিয়ে নিৰ্ধাৰণ কৰি দিয়ে আপোনাৰ নিউজ ফীডত কি কি আহি থাকিব ৷উত্তেজিত কৰা , প্ৰৰোচিত কৰা বিষয়সমূহৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ থাকে আৰু ফেচবুকৰ প্ৰযুক্তিয়েও তাকেই উৎসাহিত কৰে ৷ আমাৰ ফেচবুকৰ নিউজ ফীডত যদি আমি এটা ভুল তথ্য বা ভুৱা ভিডিও বাবে বাৰে দেখি থাকো , তাৰ অৰ্থ হ’ল সেয়া ফেচবুকৰ প্ৰযুক্তিয়ে প্ৰমোট কৰিছে ৷ ভাৰতৰ দৰে দেশত যৌনতা , ধৰ্ম বিদ্বেষ এতিয়াও আটাইতকৈ বেছি বিক্ৰীযোগ্য বিষয় ৷ ধৰ্মীয় বিদ্বেষমূলক প্ৰচাৰে এবাৰ ভাইৰেল ৰূপ লোৱাৰ পাছত , ফেচবুকৰ প্ৰযুক্তিয়ে সেয়া বাৰম্বাৰ জনপ্ৰিয় হোৱাত অৰিহনা যোগায় ৷ আনহাতে মহিলাক ফেচবুকত কেনে ব্যৱহাৰ কৰা হয় , সেয়া জানিবৰ বাবে ফেচবুকে নিজেই মহিলাৰ নামত ভুৱা একাউন্ট খুলি পৰীক্ষা কৰি চাইছিল ৷ এই একাউন্টৰ ইনবক্সলৈ অহা মেছেজৰ বিশ্লেষণেই প্ৰমান কৰিছে যে যৌনতা , বিদ্বেষ , হিংসাৰ প্ৰচাৰত ফেচবুকৰ ভূমিকা কিমান ৷ ফেচবুক পেপাৰ্ছে এনে আৰু বহু ঘটনা পোহৰলৈ আনিছে ৷
ভুল তথ্য , ভুৱা প্ৰচাৰ নিয়ন্ত্ৰণৰ বাবে ফেচবুকে লোৱা নাই কোনো নিজাববীয়া বিশেষ ব্যৱস্থা ৷ বৰং এই দায়িত্ব আৰ্টিফিচিয়েল ইন্টেলিজেন্স প্ৰযুক্তিৰ হাতত এৰি দি সমাজখনক আন এক ভয়ংকৰ অস্থিৰতাৰ দিশে ঠেলি দিছে ৷ কোনো এটা বিষয়ৰ পক্ষে বিপক্ষে থকা মানুহবোৰক তেওলোকৰ ৰুচি অনুযায়ী অতি কম সময়ৰ ভিতৰতে একগোট হোৱাৰ সুবিধা কৰি দিয়ে ফেচবুকে ৷ যাৰ পৰিণতি ফেচবুকত সঘনে বহা খাপ পঞ্চায়ত , ভাৰ্ছুয়েল গণ নিগ্ৰহৰ ঘটনাসমূহ ৷ ফেচবুক পেপাৰ্ছত তাৰ তন্ন তন্ন বিৱৰণ আছে ৷ জুৰি বৰা বৰগোহাঞিৰ ওপৰত হোৱা এই আক্ৰমণ ইয়াৰে অন্যতম উদাহৰণ ৷

- Donation -

Leave A Reply

Your email address will not be published.