পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

Share This Article

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে ১২ টকা আৰু ডিজেলৰ দাম ১৭ টকাকৈ হ্ৰাস পালে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ১০ টকা আবকাৰী কৰ ৰেহাইৰ কথা ঘোষণা কৰে বুধবাৰৰ সন্ধিয়া ৷ ইয়াৰ পাছতে নিশাৰ ভাগলৈ আন এটা টুইট কৰি অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইও পেট্ৰ’ল – ডিজেলত ৭ টকাকৈ মূল্য আৰোপিত কৰ অথবা ভেট ৰেহাইৰ কথা ঘোষণা কৰে ৷ইয়াৰ লগে লগে অসমত পেট্ৰ’লৰ দাম ১২ টকা আৰু ডিজেলৰ দাম ১৭ টকাকৈ হ্ৰাস পালে ৷
প্ৰশ্ন হ’ল , কিমান মূল্য বৃদ্ধিৰ পাছত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ;ল – ডিজেলৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত ল’লে ? বিগত ২০২০ চনৰ মে ‘ মাহৰ পৰা চলিত বছৰৰ অক্টোবৰ মাহলৈ প্ৰতিলিটাৰ পেট্ৰ’লত ৩৬ টকাকৈ আৰু প্ৰতিলিটাৰ ডিজেলত ২৬.৫০ টকাকৈ মূল্যবৃদ্ধি হৈছে ৷ পেট্ৰ’ল – ডিজেলৰ পৰা সংগৃহীত কৰে অভিলেখ সৃষ্টি কৰিছে ৷ তাৰ পাছত বুধবাৰে কেন্দ্ৰই পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ১০ টকা কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷ ধাৰণা কৰক – পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল আৰু কিমান কমিল ?
ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধিৰ পাছতো মোদী চৰকাৰ ইমানদিনে নিৰ্বিকাৰ হৈ ৰৈছিল ৷ তেনেহ’লে এনে কি পৰিস্থিতি আহি পৰিল যে হঠাৎ পেট্ৰ’ল – ডিজেলৰ দাম কমাবলগীয়া হ’ল ? ইয়াৰ আচল কাৰণ হ’ল উপ – নিৰ্বাচন ৷ অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া হিমাচল প্ৰদেশৰ চাৰিটা সমষ্টিৰ উপ – নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছে ৷ ৰাজস্থানত তৃতীয় আৰু চতুৰ্থ স্থানলৈ অৱনমিত হৈছে ৷ আনহাতে উত্তৰ প্ৰদেশৰ সীমাত লাগি থকা মধ্য প্ৰদেশৰ এটা সমষ্টিৰ উপ – নিৰ্বাচনতো বিজেপি পৰাজিত হ’বলগীয়া হ’ল ৷ ইয়াৰ পাছত হিমাচলৰ খোদ বিজেপিৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে মন্তব্য কৰিছে যে জনতাই নহয় , মূল্যবৃদ্ধিয়ে পৰাজিত কৰিছে বিজেপিক ৷ এই অপ্ৰিয় সত্য খোদ এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰীৰ মুখেৰে ওলোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰখনে তৎকালে পেট্ৰ’ল – ডিজেলৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত ল’লে ৷কাৰণ সন্মুখত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.