জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

Share This Article

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও যিবোৰ কথাৰে আক্ৰমণ কৰা হৈছে সেয়া প্ৰকাশৰ অযোগ্য ৷ লেখিকাগৰাকীয়ে এদিন পূৰ্বে এটা ফেচবুক পোষ্টত এইদৰে আহ্বান জনাইছিল –‘মাথো এটা সন্ধ্যাৰ বাবেই কলপুলিটো কেনেকৈ কাটে ? উৎসৱৰ নামত কলপুলিবোৰ নামাৰিব ৷’ তেনেই সামান্য আৰু সৰু এটা মন্তব্য ৷ হয়তো কাৰোবাৰ ইয়াৰ লগত সহমত থাকিব পাৰে , আন কাৰোবাৰ বিৰোধিতা ৷ কিন্তু বিৰোধিতাৰ নামত যি সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে , সেয়া সভ্য সমাজৰ পৰিপন্থী ঘটনা ৷ফেচবুকত অতি সঘনে এনে ভাৰ্ছুয়েল নিগ্ৰহৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷ইয়াৰ বাবে জগৰীয়া কোন ? ৰাজনৈতিক শক্তিৰ পৃষ্ঠপোষকতা লাভ কৰা ট্ৰোল আৰ্মি নে ফেচবুক নিজেই ?

এখন নিয়ন্ত্ৰণহীন , যুদ্ধোন্মাদ সমাজৰ বাবে খাৰ – বাৰুদ প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খোদ ফেচবুকৰ বিৰুদ্ধে ৷ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৰ প্ৰাক্তণ শীৰ্ষ বিষয়া ফ্ৰান্সেছ হাউগেনে ৷ তেও শেহতীয়াকৈ ফাদিল কৰিছে ফেচবুকৰ কেতবোৰ গোপন প্ৰতিবেদন , নথি পত্ৰ ৷ আমেৰিকাৰ সংবাদ পত্ৰত ফেচবুক পেপাৰ্ছ নামেৰে সেয়া খণ্ড খণ্ডকৈ প্ৰকাশ পাইছে ৷ ইয়াৰ ভিত্তিতে আৰম্ভ হৈছে মাৰ্কিন কংগ্ৰেছৰ তদন্ত ৷ কাঠগড়াত থিয় হৈছে খোদ মাৰ্ক জুকাৰবাৰ্গ ৷ কাৰণ , ফাদিল হোৱা ফেচবুক পেপাৰ্ছৰ পৰা স্পষ্ট হৈ পৰে যে ফেচবুকৰ ব্যৱসায়ৰ পৰা ডলাৰৰ উপৰি ডলাৰ উপাৰ্জন কৰাত মাৰ্ক জুকাৰবাৰ্গ যিমান আগ্ৰহী , তাৰ তুলনাত তিলমানো আগ্ৰহী নহয় ফেচবুকৰ জড়িয়তে বিয়পি পৰা ঘৃণা , বিদ্বেষ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৷
ফেচবুকৰ জড়িয়তে কিদৰে আটাইতকৈ বেছি অপপ্ৰচাৰ চলোৱা হয় , কেনেকৈ কিছুমান বিশেষ ব্যক্তিক ভি আই পিৰ মৰ্যদা দি ফেচবুকে অপপ্ৰচাৰ চলোৱাৰ সুযোগ প্ৰদান কৰে- এই সকলোবোৰ ঘটনা ফেচবুক পেপাৰ্ছৰ জড়িয়তে পোহৰলৈ আহিছে ৷ ভাৰতৰ দৰে দেশৰ বাবে তাতোকৈ ভয়ংকৰ হ’ল- ফেচবুকত ব্যৱহৃত প্ৰযুক্তি ৷ ২০১৮ চনৰ পৰা ফেচবুকে আৰম্ভ কৰে এটা নতুন প্ৰযুক্তি বা এলগোৰিদম , যিয়ে নিৰ্ধাৰণ কৰি দিয়ে আপোনাৰ নিউজ ফীডত কি কি আহি থাকিব ৷উত্তেজিত কৰা , প্ৰৰোচিত কৰা বিষয়সমূহৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ থাকে আৰু ফেচবুকৰ প্ৰযুক্তিয়েও তাকেই উৎসাহিত কৰে ৷ আমাৰ ফেচবুকৰ নিউজ ফীডত যদি আমি এটা ভুল তথ্য বা ভুৱা ভিডিও বাবে বাৰে দেখি থাকো , তাৰ অৰ্থ হ’ল সেয়া ফেচবুকৰ প্ৰযুক্তিয়ে প্ৰমোট কৰিছে ৷ ভাৰতৰ দৰে দেশত যৌনতা , ধৰ্ম বিদ্বেষ এতিয়াও আটাইতকৈ বেছি বিক্ৰীযোগ্য বিষয় ৷ ধৰ্মীয় বিদ্বেষমূলক প্ৰচাৰে এবাৰ ভাইৰেল ৰূপ লোৱাৰ পাছত , ফেচবুকৰ প্ৰযুক্তিয়ে সেয়া বাৰম্বাৰ জনপ্ৰিয় হোৱাত অৰিহনা যোগায় ৷ আনহাতে মহিলাক ফেচবুকত কেনে ব্যৱহাৰ কৰা হয় , সেয়া জানিবৰ বাবে ফেচবুকে নিজেই মহিলাৰ নামত ভুৱা একাউন্ট খুলি পৰীক্ষা কৰি চাইছিল ৷ এই একাউন্টৰ ইনবক্সলৈ অহা মেছেজৰ বিশ্লেষণেই প্ৰমান কৰিছে যে যৌনতা , বিদ্বেষ , হিংসাৰ প্ৰচাৰত ফেচবুকৰ ভূমিকা কিমান ৷ ফেচবুক পেপাৰ্ছে এনে আৰু বহু ঘটনা পোহৰলৈ আনিছে ৷
ভুল তথ্য , ভুৱা প্ৰচাৰ নিয়ন্ত্ৰণৰ বাবে ফেচবুকে লোৱা নাই কোনো নিজাববীয়া বিশেষ ব্যৱস্থা ৷ বৰং এই দায়িত্ব আৰ্টিফিচিয়েল ইন্টেলিজেন্স প্ৰযুক্তিৰ হাতত এৰি দি সমাজখনক আন এক ভয়ংকৰ অস্থিৰতাৰ দিশে ঠেলি দিছে ৷ কোনো এটা বিষয়ৰ পক্ষে বিপক্ষে থকা মানুহবোৰক তেওলোকৰ ৰুচি অনুযায়ী অতি কম সময়ৰ ভিতৰতে একগোট হোৱাৰ সুবিধা কৰি দিয়ে ফেচবুকে ৷ যাৰ পৰিণতি ফেচবুকত সঘনে বহা খাপ পঞ্চায়ত , ভাৰ্ছুয়েল গণ নিগ্ৰহৰ ঘটনাসমূহ ৷ ফেচবুক পেপাৰ্ছত তাৰ তন্ন তন্ন বিৱৰণ আছে ৷ জুৰি বৰা বৰগোহাঞিৰ ওপৰত হোৱা এই আক্ৰমণ ইয়াৰে অন্যতম উদাহৰণ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.