সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া টুডে আলোচনীয়ে শেহতীয়াকৈ দেশজুৰি এক সমীক্ষা চলাইছিল ৷ ‘মুড অৱ দ্য নেশ্যন’ শীৰ্ষক এই সমীক্ষাত জনপ্ৰিয় নেতা – অভিনেতাৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্দৰ্ভত এক সমীক্ষা চলাইছিল ৷

- Donation -

এই সমীক্ষাৰ আন দিশবোৰলৈ নগৈ আমি কেৱল মুখ্যমন্ত্ৰী সন্দৰ্ভত চলোৱা সমীক্ষাৰ তথ্য দাঙি ধৰিব বিচাৰিছো ৷ ইণ্ডিয়া টুডে আলোচনীয়ে মুখ্যমন্ত্ৰী সন্দৰ্ভত দুটা সমীক্ষা চলাইছিল ৷ এটা হ’ল সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ আৰু আনটো নিজৰ গৃহৰাজ্যত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ৷
ইণ্ডিয়া টুডে আলোচনীৰ ৩২ সংখ্যক পৃষ্ঠাত প্ৰকাশ পাইছে সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ সমীক্ষা ৷ এই সমীক্ষা অনুসৰি দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ ২৭.১ শতাংশ লোকৰ সমৰ্থনেৰে তেও দেশৰ ভিতৰতে জনপ্ৰিয় মুখ্যমন্ত্ৰী ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তৃতীয় স্থানত , তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে স্তালিন চতুৰ্থ স্থানত , মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পঞ্চম স্থানত , অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী ষষ্ঠ স্থানত , ওড়িশাৰ মুখ্যমন্ত্ৰী সপ্তম স্থানত আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ অষ্টম স্থানত আছে ৷ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাই ৷ তেনেহ;লে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কেনেকৈ হ’ল ড: হিমন্ত বিশ্ব শৰ্মা ৷


ইণ্ডিয়া টুডে আলোচনীৰ ৩৩ সংখ্যক পৃষ্ঠাত প্ৰকাশ পাইছে আন এক সমীক্ষা ৷ এই সমীক্ষা হ’ল নিজৰ নিজৰ গৃহৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ সমীক্ষা ৷ নিজৰ ৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক ৷ ওড়িশাৰ ৭১.১ শতাংশ লোক তেওলোকৰ মুখ্যমন্ত্ৰীৰ কাম কাজক লৈ সন্তুষ্ট ৷ নিজৰ ৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ এই তালিকাত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন তৃতীয় স্থানত , মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে চতুৰ্থ স্থানত , কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়ন পঞ্চম স্থানত , দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ষষ্ঠ স্থানত , অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সপ্তম স্থানত , চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল অষ্টম স্থানত আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট নৱম স্থানত আছে ৷ অৰ্থাৎ নিজৰ ৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা সপ্তম স্থানত আছে ৷ সমীক্ষা অনুসৰি অসমৰ ৫৬.৬ শতাংশ লোক হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ সন্তুষ্ট ৷


মুখ্যমন্ত্ৰী সন্দৰ্ভত এই দুটা সমীক্ষাৰ বাহিৰে আন কোনো সমীক্ষা ইণ্ডিয়া টুডে আলোচনীয়ে চলোৱা নাই ৷ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ কোনো পৃথক সমীক্ষা চলোৱা নাই ইণ্ডিয়া টুডে আলোচনীয়ে ৷ কিন্তু বিজেপি শাসিত ১৩ খন ৰাজ্যৰ আন কোনো মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যত জনপ্ৰিয়তাৰ ক্ষেত্ৰত শীৰ্ষ ৯ গৰাকীৰ তালিকাত স্থান লাভ কৰা নাই ৷

Leave A Reply

Your email address will not be published.