শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

Share This Article

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া টুডে আলোচনীয়ে শেহতীয়াকৈ দেশজুৰি এক সমীক্ষা চলাইছিল ৷ ‘মুড অৱ দ্য নেশ্যন’ শীৰ্ষক এই সমীক্ষাত জনপ্ৰিয় নেতা – অভিনেতাৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্দৰ্ভত এক সমীক্ষা চলাইছিল ৷

এই সমীক্ষাৰ আন দিশবোৰলৈ নগৈ আমি কেৱল মুখ্যমন্ত্ৰী সন্দৰ্ভত চলোৱা সমীক্ষাৰ তথ্য দাঙি ধৰিব বিচাৰিছো ৷ ইণ্ডিয়া টুডে আলোচনীয়ে মুখ্যমন্ত্ৰী সন্দৰ্ভত দুটা সমীক্ষা চলাইছিল ৷ এটা হ’ল সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ আৰু আনটো নিজৰ গৃহৰাজ্যত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ৷
ইণ্ডিয়া টুডে আলোচনীৰ ৩২ সংখ্যক পৃষ্ঠাত প্ৰকাশ পাইছে সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ সমীক্ষা ৷ এই সমীক্ষা অনুসৰি দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ ২৭.১ শতাংশ লোকৰ সমৰ্থনেৰে তেও দেশৰ ভিতৰতে জনপ্ৰিয় মুখ্যমন্ত্ৰী ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তৃতীয় স্থানত , তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে স্তালিন চতুৰ্থ স্থানত , মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পঞ্চম স্থানত , অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী ষষ্ঠ স্থানত , ওড়িশাৰ মুখ্যমন্ত্ৰী সপ্তম স্থানত আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ অষ্টম স্থানত আছে ৷ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাই ৷ তেনেহ;লে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কেনেকৈ হ’ল ড: হিমন্ত বিশ্ব শৰ্মা ৷


ইণ্ডিয়া টুডে আলোচনীৰ ৩৩ সংখ্যক পৃষ্ঠাত প্ৰকাশ পাইছে আন এক সমীক্ষা ৷ এই সমীক্ষা হ’ল নিজৰ নিজৰ গৃহৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ সমীক্ষা ৷ নিজৰ ৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক ৷ ওড়িশাৰ ৭১.১ শতাংশ লোক তেওলোকৰ মুখ্যমন্ত্ৰীৰ কাম কাজক লৈ সন্তুষ্ট ৷ নিজৰ ৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ এই তালিকাত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন তৃতীয় স্থানত , মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে চতুৰ্থ স্থানত , কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়ন পঞ্চম স্থানত , দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ষষ্ঠ স্থানত , অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সপ্তম স্থানত , চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল অষ্টম স্থানত আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট নৱম স্থানত আছে ৷ অৰ্থাৎ নিজৰ ৰাজ্যত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা সপ্তম স্থানত আছে ৷ সমীক্ষা অনুসৰি অসমৰ ৫৬.৬ শতাংশ লোক হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ সন্তুষ্ট ৷


মুখ্যমন্ত্ৰী সন্দৰ্ভত এই দুটা সমীক্ষাৰ বাহিৰে আন কোনো সমীক্ষা ইণ্ডিয়া টুডে আলোচনীয়ে চলোৱা নাই ৷ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ কোনো পৃথক সমীক্ষা চলোৱা নাই ইণ্ডিয়া টুডে আলোচনীয়ে ৷ কিন্তু বিজেপি শাসিত ১৩ খন ৰাজ্যৰ আন কোনো মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যত জনপ্ৰিয়তাৰ ক্ষেত্ৰত শীৰ্ষ ৯ গৰাকীৰ তালিকাত স্থান লাভ কৰা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.