সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু এসপ্তাহলৈ নিষিদ্ধ নিৰ্বাচনী সভা-সমদল

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যত নিৰ্বাচনী সভা , সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে নিৰ্বাচন আয়োগে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ বৈঠকত নিৰ্বাচনী সভা-সমদল আৰু এসপ্তাহলৈ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকত কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবো উপস্থিত আছিল ৷ পাঁচোখন ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত আয়োগে এই সিদ্ধান্ত লয় ৷ ইয়াৰ সমান্তৰালভাৱে সৰু সৰু সভাৰ ক্ষেত্ৰত কোৱা হৈছে যে যিকিনো ইণ্ডোৰ মিটিঙৰ ক্ষেত্ৰত প্ৰেক্ষাগৃহৰ ক্ষমতাৰ ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব ৷ কিন্তু সভাৰ বাবে নিৰ্বাচন আয়োগৰ আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক ৷উল্লেখ্য যে যোৱা ৮ জানুৱাৰীত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল ৷ সভা-সমদল প্ৰথমতে ১৫ জানুৱাৰীলৈ আৰু তাৰ পাছত ২২ জানুৱাৰীলৈ নিষিদ্ধ কৰা হৈছিল ৷ এতিয়া পুণৰ এসপ্তাহলৈ নিৰ্বাচনী সমদল বা ৰাজহুৱা সভা অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজনৈতিক দলসমূহে ৷

Leave A Reply

Your email address will not be published.