ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ টা দিন সম্পূৰ্ণ । এশ দিন সম্পূৰ্ণ হোৱা সময়ত কেবাটাও বৃহৎ ঘোষণা ৷ কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: শৰ্মাৰ?
- বৃদ্ধি কৰা হ’ব অৰুণোদয় আঁচনিৰ ধন ।
- ১০০০ টকালৈ বৃদ্ধ কৰা হ’ব মাহিলী ভাট্টা ।
- হেণ্ডিমেন- বাছ চালকক ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে ।
- প্ৰতিমাহে বেলেগ বেলেগ জিলাত অনুষ্ঠিত হব একোখনকৈ কেবিনেট বৈঠক ।
- মন্দিৰৰ পূজাৰী, নামঘৰীয়াক দিয়া হ’ব ১৫ হাজাৰকৈ টকা ।
- নৱম আৰু দশম শ্ৰেণীত বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জীৰ পাঠ্যক্ৰম ।
- গুৱাহাটীত নচলিব পেট্ৰল আৰু ডিজেল চালিত বাছ ।
- গুৱাহটীৰ বাবে ক্ৰয় কৰা হ’ব ২০০ খন ইলেকট্ৰিক বাছ ।
- ক্ৰয় কৰা হব ১০০ খন CNG বাছো ।
- কলা কুশলী, পদপথৰ ব্যৱসায়ীকো প্ৰদান কৰা হ’ব সাহায্য ।
- অহা বছৰৰ পৰা ৰাজ্যত প্ৰবৰ্তন কৰা হ’ব ৰাষ্ট্ৰীয় শিক্ষানীতি ।