ৰাজীৱ গান্ধীক লৈ ডায়েৰীত কি লিখিছিল ছোনিয়া গান্ধীয়ে  ?

Share This Article

চন ১৯৮১ । ৰাজীৱ গান্ধীয়ে  আমেথিৰ পৰা লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ প্ৰস্তুতি চলাই আছিল।  এদিন নিৰ্বাচনৰ কামত হঠাৎ দিল্লীলৈ যাবলগীয়া হ’ল ৷ কিন্তু বিমানবন্দৰলৈ যোৱা বাটতে খবৰ পালে যে ২০ কিলোমিটাৰ নিলগৰ তিলোইত ৩০-৪০ টা ঘৰত জুই লাগিছে। লগে লগে তেওঁ নিজৰ গাড়ী লক্ষ্ণৌৰ বিমানবন্দৰলৈ যোৱাৰ পৰিৱৰ্তে তিলোইলৈ বুলি ঘূৰালে ৷ তেওঁক বাৰে বাৰে সকীয়াই থকা হল যে বিমানৰ সময় উকলি যাব। কিন্তু তেওঁ কাৰো কথা নুশুনি অগ্নিকাণ্ডৰ ভুক্তভোগী সকলৰ লগত কথা পতাত ব্যস্ত হৈ পৰিল।

১৯৮১ চনত ৰাজনীতিৰ পথাৰত ভৰি দিয়া সময়ত বিমানবন্দৰলৈ যোৱা বাটৰ পৰা উভতি আহিছিল ৰাজীৱ গান্ধী ৷ ১৯৮৪ ত ৰাজীৱ গান্ধীয়ে বিমানতে লাভ কৰিছিল মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ খবৰ ৷ দিনটো আছিল ৩১ অক্টোবৰ ৷ সেইদিনা ৰাজীৱ গান্ধী আছিল পশ্চিমবংগত ৷ বায়ুসেনাৰ এখন বিমানেৰে উভতিবলৈ লৈছিল দিল্লীলৈ ৷লগত আছিল দিল্লীৰ প্ৰয়াত মুখ্যমন্ত্ৰী শীলা দীক্ষিত ৷এবাৰ নিজৰ আসনৰ পৰা উঠি তেও ককপিটত থকা পাইলটৰ ওচৰলৈ গ’ল ৷ তাৰ পৰা আহি শীলা দীক্ষিতক দিলে মাতৃৰ বিয়োগৰ খবৰটো ৷ইন্দিৰা গান্ধীক নিজৰ দেহৰক্ষীয়ে সেইদিনা গুলীৰে থকা সৰকা কৰিছিল ৷ইন্দিৰা গান্ধীৰ মৃত্যৰ পাছত ৰাজীৱ গান্ধীয়ে কংগ্ৰেছ দলৰ নেতৃত্ব ল’লে আৰু অভিলেখ সংখ্যক আসনত জয়লাভ কৰি প্ৰধানমন্ত্ৰীৰ আসনত বহিল ৷

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰাজীৱ গান্ধীয়ে প্ৰযুক্তিৰ ক্ষেত্ৰখনত বিশেষভাৱে কেবাটাও উল্লেখনীয় কাম কৰিছিল ৷ ইয়াৰ বাহিৰেও দলত্যাগ বিৰোধী আইনৰ পৰা ১৮ বছৰৰ উৰ্ধৰ সকলোকে ভোটাধিকাৰ  প্ৰদান কৰাৰ  ক্ষেত্ৰত ৰাজীৱ গান্ধীৰ উল্লেখযোগ্য ভূমিকা আছিল ৷ দেশত কম্পিউটাৰ শিক্ষাৰ প্ৰচলনৰ বাটকটীয়া বুলিও কোৱা হয় ৰাজীৱ গান্ধীক ৷ এগৰাকী ৰাষ্ট্ৰনেতা হিচাপে তেও স্বীকৃতি লাভ কৰিছিল মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ প্ৰাণ ৰক্ষা কৰি ৷ সেয়া ১৯৮৮ চনৰ কথা ৷ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে দ্বীপ ৰাষ্ট্ৰখনত আৰম্ভ হৈছিল বিদ্ৰোহ ৷ বিপদত পৰিছিল ৰাষ্ট্ৰতিগৰাকী ৷বিদ্ৰোহীসকলে ক্ষমতা দখলৰ কুচকাৱাজ আৰম্ভ কৰিছিল ৷ তেনেসময়ত মাত্ৰ ১০ ঘন্টাৰ ভিতৰত ৪ হাজাৰ কিলোমিটাৰ দূৰৈৰ মালদ্বীপত ৩ হাজাৰ ভাৰতীয় সেনা এয়াৰ লিফ্ট কৰাইছিল ৰাজীৱ গান্ধীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰাণৰক্ষা কৰাই নহয় , বিদ্ৰোহীসকলক কৰায়ত্ব কৰি দেশখনত সুস্থিৰতাও ঘূৰাই আনিছিল ৰাজীৱ গান্ধীয়ে ৷

এগৰাকী নেতাৰ উপৰিও ৰাজীৱ গান্ধী আছিল এজন দায়িত্বশীল প্ৰেমিক।ৰাজীৱ গান্ধীৰ জীৱনৰ লগত ওত: প্ৰোতভাৱে জড়িত এটা নাম হ’ল ছোনিয়া গান্ধী ৷

ৰাজীৱ গান্ধীয়ে যেতিয়া ছোনিয়া গান্ধীক প্ৰথমবাৰ লগ পাইছিল , তেতিয়া ছোনিয়াৰ বয়স  মাত্ৰ ১৮ ৷ চন ১৯৬৫ ৷ ইটালীৰ এখন সৰু চহৰ অ’ৰবাছানোৰ পৰা আহি  ছোনিয়াই উত্তৰ লণ্ডনৰ লিন’ক্স কুক স্কুল অব লেংগুৱেজত ইংৰাজী বিষয়ত এডমিছন লৈছিল ৷ আৰু এদিন কেম্ব্ৰিজতে সাক্ষাৎ হৈছিল ৰাজীৱ গান্ধীৰ সৈতে ৷শণিবাৰে শণিবাৰে ৰেষ্টুৰেন্ট যোৱা , উইকএণ্ডত চিনেমা চোৱা , লণ্ডনৰ থিয়েটাৰ হলবোৰত নৃত্যানুষ্ঠান উপভোগ কৰা – এনেদৰেই পাৰ হৈছিল ৰাজীৱ- ছোনিয়াৰ কলেজীয়া দিনবোৰ ৷ এদিন দুয়ো একেলগে চাইছিল সত্যজিত ৰায়ৰ “পথেৰ পাছালী” ৷তেতিয়ালৈকে ছোনিয়াই জনা নাছিল ৰাজীৱৰ পৰিয়ালৰ বিষয়ে ৷ তাৰ মাজতে ৰাজীৱ গান্ধীয়ে মেকানিকেল ইঞ্জীনিয়াৰিঙ আধাতে এৰি পাইলট হোৱাৰ মন মেলিলে , ছোনিয়াই নিজৰ পাঠ্যক্ৰম শেষ কৰি উভতি গ’ল ইটালীৰ ঘৰলৈ ৷ ইতিমধ্যে ৰাজীৱে নিজৰ মাক ইন্দিৰালৈ লিখা চিঠিত ছোনিয়াৰ বিষয়ে জনাইছিল ৷ লণ্ডনৰ ভাৰতীয় হাই কমিছনৰ কাৰ্যালয়ত যেতিয়া ইন্দিৰা গান্ধীয়ে প্ৰথমবাৰ ছোনিয়া গান্ধীক লগ পায় , ফৰাচী ভাষাত সম্ভাষণ জনাই কৈছিল – “ ছোনিয়া , মই এগৰাকী মা ৷ মোক ভয় কৰাৰ কোনো কাৰণ নাই ৷ মই জানো যে বেলেগ সম্প্ৰদায়ৰ, বেলেগ ধৰ্মৰ লোক এজনক ভালপোৱাটো কিমান কঠিন বিষয় ৷ মই তোমাৰ মনৰ অৱস্থা বুজি পাইছো ৷ বিচলিত নহ’বা ৷” ছোনিয়া কিছু সহজ হ’ব পাৰিছিল , সেই সাক্ষাতৰ পাছত ৷

১৯৬৬ চনত ৰাজীৱ গ’ল ইটালীলৈ ৷ ছোনিয়াৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ ৷ ছোনিয়াৰ পিতৃ আছিল ষ্টিফেনো ৷ দ্বিতীয় বিশ্বযুদ্ধত যি জাৰ্মানৰ হৈ যুজিছিল ৷ মুছোলিনী তেওৰ প্ৰিয় নেতা ৷ ৰাছিয়াত বন্দী হৈ পৰাৰ সময়ত যি তিনিগৰাকী মহিলাই ষ্টিফেনোক পলুৱাই পঠিয়াইছিল , তেওলোকৰ নাম আছিল – নাডিয়া , অনুষ্কা আৰু ছোনিয়া ৷ সেই কৃতজ্ঞতাৰে ষ্টিফেনোৱে নিজৰ জীয়ৰীৰ নাম ৰাখিছিল – ছোনিয়া ৷ এজন কঠোৰ অনুশাসন মানি চলা পিতৃ ৷ প্ৰথম মুখামুখিত ষ্টিফেনোৱে ৰাজীৱক ভালেই পালে যদিও নিজৰ জীয়ৰীক বিয়া দিবলৈ অমান্তি হ’ল ৷ তেওৰ মতে ছোনিয়াৰ দৰে ছোৱালী এজনীয়ে এখন এছিয়ান দেশত কেতিয়াও নিজৰ জীৱন কটাব নোৱাৰিব ৷

আৰম্ভ হ’ল – ৰাজীৱ – ছোনিয়াৰ প্ৰেমৰ ট্ৰেজিক অধ্যায় ৷ ১৯৬৭ চনটো আছিল তেওলোকৰ বাবে দিন নাযায় – ৰাতি নুপুৱায় ৷ কেৱল চিঠি লিখালিখি ৷ডায়েৰীত আহিবলগীয়া যুদ্ধৰ মুখামুখি হোৱাৰ আখৰা ৷ ডায়েৰীৰ এখিলা পাতত ছোনিয়াই লিখিছিল – “ যেতিয়া তুমি কাৰোবাক সচাঁকৈ ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল ৰাজীৱক ৷ তেওৰ বাবে মই এই পৃথিৱীৰ যিকোনো প্ৰান্তলৈ গুছি যাবলৈ সাজু ৷ তেও মোৰ বৃহত্তম নিৰাপত্তা ৷ তেওৰ বাহিৰে  আন একো কথাই , আন কাৰো বিষয়েই মই ভাবিব নোৱাৰো …৷”

অৱশেষত ছোনিয়াৰ পিতৃ সন্মত হৈছিল – নিজ কন্যাক ভাৰতলৈ বিয়া দিবৰ বাবে ৷ কিন্তু এটা চৰ্ত ৰাখিছিল , ছোনিয়াৰ বয়স ২১ হোৱাৰ পাছতহে বিয়া সম্ভৱ হ’ব৷ সেইমতেই ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত ছোনিয়া গান্ধী বোৱাৰী হৈ ভাৰতলৈ আহিল ৷

প্ৰেম , পৰিয়াল ,পদবী – এই সকলোবোৰ  দায়িত্ব  সফলতাৰে পালন কৰাৰ পাছতো ব’ফোৰ্চ কেলেংকাৰিৰ অভিযোগ তেওৰ জীৱনত এবাৰ নোৱাৰা দাগ হৈ ৰ’ল ৷ এদিন মাতৃৰ দৰেই আততায়ীৰ আক্ৰমণত নিহত হ’ল ৰাজীৱ গান্ধী ৷ দিনটো আছিল ২১ মে’ ১৯৯১ ৷চেন্নাইৰ এক ভিতৰুৱা অঞ্চলত তামিল আততায়ীৰ আক্ৰমণত নিহত হয় প্ৰাক্তণ প্ৰধানমন্ত্ৰীগৰাকী ৷ জীয়াই থকা হ’লে  ৰাজীৱ গান্ধীয়ে আজি ৭৭ সংখ্যক জন্মদিন পালন কৰিলেহেঁতেন  ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.