সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ বিৰুদ্ধে বন্দুক লৈ বন্দী হ’ল কোন মহিলা গভৰ্ণৰ ?

তালিবানৰ বিৰুদ্ধে হাতত বন্দুক লৈ প্ৰতিৰোধ গঢ়ি তুলিছিল আফগানিস্তানৰ এগৰাকী মহিলা গভৰ্ণৰে ৷সেই মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ৷

হাজাৰা জিলাৰ গভৰ্ণৰ আছিল ছালিমা মাজাৰি ৷তালিবানে আফগানিস্তান দখল অভিযান আৰম্ভ কৰাৰ সময়তে মহিলাৰ অধিকাৰৰ প্ৰশ্ন তুলি ধৰিছিল ছালিমা জাফাৰিয়ে ৷ তেও কৈছিল-‘তালিবানৰ দখলত থকা প্ৰদেশত মহিলাৰ অস্তিত্ব ৰক্ষাই এক কথাত অসম্ভৱ ৷ চহৰৰ মহিলাও সমানে অত্যাচাৰিত ৷সকলো গৃহবন্দী ৷’

- Donation -

তালিবান ক্ষমতালৈ অহাৰ ঠিক পাছতে মাজাৰ –ই-শ্বৰীফত নিজস্ব এটা ঘাটি তৈয়াৰ কৰি তালিবান বিৰোধীসকলক একগোট কৰিছিল ছালিমা জাফাৰিয়ে ৷ বহু তালিবান বিৰোধী লোকক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল ছালিমাই ৷ লক্ষ্য আছিল তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা ৷কিন্তু সেই ছালিমা জাফাৰিক শেহতীয়াকৈ বন্দী কৰিছে তালিবান বাহিনীয়ে ৷

ছিয়া মুছলমানৰ দ্বাৰা পৰিচালিত হাজাৰা সম্প্ৰদায়ৰ মহিলা ছালিমা জাফাৰি ৷চুন্নী তালিবানসকলে ছিয়াসকলক সহ্যই কৰিব নোখোজে ৷ দীৰ্ঘদিন ধৰি ছিয়া – চুন্নীৰ মাজত বিবাদ চলি আহিছে ৷তালিবানৰ উপৰি আইছিছেও সহজ লক্ষ্য কৰি লয় ছিয়া মুছলমান সকলক ৷ ছালিমা জাফাৰিৰ বন্দিত্বও তাৰেই প্ৰতিফলন ৷

 

Leave A Reply

Your email address will not be published.