সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?

ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্পীড লিমিট নিৰ্ধাৰণ কৰি দিয়ে ৷ যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে এম ভি আই আইন সংশোধন কৰি স্পীড লিমিট উলংঘা কৰা যান বাহনৰ ক্ষেত্ৰত জৰিমণাৰ পৰিমান ৪০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰিছে ৷ সেই মৰ্মে ইন্টাৰচেপ্টৰৰ সহায়ত পৰিবহন বিভাগে অভাৰ স্পীডত যোৱা যান বাহন নীৰিক্ষণ কৰি জৰিমণা বিহাৰ ব্যৱস্থা কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা বৰ্ষত ৰাজ্যত দুৰ্ঘটনাৰ ফলত ৭০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে ৭৫ শতাংশ দুৰ্ঘটনাই অত্যাধিক গতিৰ ফলত সংঘটিত হৈছে ৷ গতিকে দুৰ্ঘটনাৰ ফলত হোৱা মানুহৰ মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ পৰিবহন বিভাগে এইবাৰৰ পৰা কঠোৰ পদক্ষেপ লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ৷

Leave A Reply

Your email address will not be published.