সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ সৰ্ববৃহৎ ৰাজ্যৰ নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কংগ্ৰেছ দল ?

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত হেৰুওৱা ভেটি উদ্ধাৰৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে ৷ বিগত কেবাটাও নিৰ্বাচনত ৰাজ্যখনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলে এইবাৰ কোনো সহযোগী দল নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ লল্লুয়ে কয় যে ১৯ আগষ্টৰ পৰা কংগ্ৰেছ দলে ৰাজ্যখনত ব্যাপক জনসম্পৰ্ক অভিযান আৰম্ভ কৰিব ৷এই অভিযানৰ সময়ছোৱাত ৯০ লাখ লোকক স্পৰ্শ কৰাৰ লক্ষ্য লোৱা হৈছে ৷দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰিবলগীয়া এই অভিযানৰ নাম দিয়া হৈছে  “জয় ভাৰত মহাসম্পৰ্ক অভিযান “৷ জনসম্পৰ্ক অভিযানৰ দিনকেইটাত উত্তৰ প্ৰদেশৰ ৩০ হাজাৰ গাও , ৱাৰ্ডত কংগ্ৰেছ কাৰ্যকৰ্তাই তিনি দিনকৈ কটাব ৷ লগতে গাও , ৱাৰ্ডসমূহত “মেৰা দেশ ,মেৰা গাও “ শীৰ্ষক এক কাৰ্যসূচীও ৰূপায়ন কৰিব ৷ য’ত ২০ আগষ্টত ৰাজীৱ গান্ধীৰ জন্মদিনৰ দিনা স্বাধীনতা সংগ্ৰামী তথা তেওলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷ লগতে গাওবাসীক সংবিধানৰ নামত শপত গ্ৰহণ কৰোৱা হ’ব৷ ইফালে , উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰস্তুতি খৰতকীয়া কৰিবলৈ ৰাজ্যখনত নিৰ্বাচনী সমিতিতো চূড়ান্ত মোহৰ মাৰিছে এ আই চি চিৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ নিৰ্বাচনী সমিতিত ৩৮ গৰাকী সদস্য আছে ৷

 

Leave A Reply

Your email address will not be published.