দেশৰ সৰ্ববৃহৎ ৰাজ্যৰ নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কংগ্ৰেছ দল ?

Share This Article

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত হেৰুওৱা ভেটি উদ্ধাৰৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে ৷ বিগত কেবাটাও নিৰ্বাচনত ৰাজ্যখনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলে এইবাৰ কোনো সহযোগী দল নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ লল্লুয়ে কয় যে ১৯ আগষ্টৰ পৰা কংগ্ৰেছ দলে ৰাজ্যখনত ব্যাপক জনসম্পৰ্ক অভিযান আৰম্ভ কৰিব ৷এই অভিযানৰ সময়ছোৱাত ৯০ লাখ লোকক স্পৰ্শ কৰাৰ লক্ষ্য লোৱা হৈছে ৷দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰিবলগীয়া এই অভিযানৰ নাম দিয়া হৈছে  “জয় ভাৰত মহাসম্পৰ্ক অভিযান “৷ জনসম্পৰ্ক অভিযানৰ দিনকেইটাত উত্তৰ প্ৰদেশৰ ৩০ হাজাৰ গাও , ৱাৰ্ডত কংগ্ৰেছ কাৰ্যকৰ্তাই তিনি দিনকৈ কটাব ৷ লগতে গাও , ৱাৰ্ডসমূহত “মেৰা দেশ ,মেৰা গাও “ শীৰ্ষক এক কাৰ্যসূচীও ৰূপায়ন কৰিব ৷ য’ত ২০ আগষ্টত ৰাজীৱ গান্ধীৰ জন্মদিনৰ দিনা স্বাধীনতা সংগ্ৰামী তথা তেওলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷ লগতে গাওবাসীক সংবিধানৰ নামত শপত গ্ৰহণ কৰোৱা হ’ব৷ ইফালে , উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰস্তুতি খৰতকীয়া কৰিবলৈ ৰাজ্যখনত নিৰ্বাচনী সমিতিতো চূড়ান্ত মোহৰ মাৰিছে এ আই চি চিৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ নিৰ্বাচনী সমিতিত ৩৮ গৰাকী সদস্য আছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.