ক’ৰোণা ৰুধিবলৈ চীনত কিয় চৰকাৰে ঘৰে ঘৰে লগাইছে তলা ?

Share This Article

চীনলৈ আকৌ উভতি আহিছে ক’ৰোণা ভাইৰাছ ৷ দেশখনত ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্‌টৰ সংক্ৰমণ ধৰা পৰাৰ পাছত চীনা চৰকাৰে লৈছে  কঠোৰ পদক্ষেপ ৷ ছোচিয়েল মেডিয়াত প্ৰচাৰিত হোৱা কেতবোৰ ভিডিওত দেখা পোৱা গৈছে যে ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু ঘৰ তলা লগাই বন্ধ কৰি দিছে ৷ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণে এতিয়া অধিক চিন্তাত পেলাইছে চীনক ৷ এটা সময়ত ক’ৰোণামুক্ত হোৱা বুলি ঘোষণা কৰা দেশখনত এতিয়া প্ৰতিদিনে ১০০ টাতকৈ অধিক নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ পাছতে ক’ৰোণা সংক্ৰমিত অঞ্চলৰ ঘৰবোৰত তলা লগাই দিছে চীনৰ চৰকাৰী কৰ্মচাৰীয়ে ৷ লগতে পৰীক্ষাৰ হাৰো ব্যাপক মাত্ৰাত বৃদ্ধি কৰিছে ৷ টাইৱান নিউজৰ মতে ঘৰৰ গৰাকীয়ে এদিনত যদি তিনিবাৰতকৈ অধিক ঘৰৰ দুৱাৰ খুলিছে তেনেহ’লে সেই ঘৰত চৰকাৰে তলা লগাই বাহিৰৰ পৰা বন্ধ কৰি দিছে ৷ লগতে ঘোষণা কৰিছে যে কোনো ব্যক্তি ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে ৷ যদিহে ধৰা পৰে তেনেহ’লে ঘৰবোৰ তলা লগাই বন্ধ কৰি দিয়া হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.