সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোণা ৰুধিবলৈ চীনত কিয় চৰকাৰে ঘৰে ঘৰে লগাইছে তলা ?

চীনলৈ আকৌ উভতি আহিছে ক’ৰোণা ভাইৰাছ ৷ দেশখনত ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্‌টৰ সংক্ৰমণ ধৰা পৰাৰ পাছত চীনা চৰকাৰে লৈছে  কঠোৰ পদক্ষেপ ৷ ছোচিয়েল মেডিয়াত প্ৰচাৰিত হোৱা কেতবোৰ ভিডিওত দেখা পোৱা গৈছে যে ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু ঘৰ তলা লগাই বন্ধ কৰি দিছে ৷ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণে এতিয়া অধিক চিন্তাত পেলাইছে চীনক ৷ এটা সময়ত ক’ৰোণামুক্ত হোৱা বুলি ঘোষণা কৰা দেশখনত এতিয়া প্ৰতিদিনে ১০০ টাতকৈ অধিক নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ পাছতে ক’ৰোণা সংক্ৰমিত অঞ্চলৰ ঘৰবোৰত তলা লগাই দিছে চীনৰ চৰকাৰী কৰ্মচাৰীয়ে ৷ লগতে পৰীক্ষাৰ হাৰো ব্যাপক মাত্ৰাত বৃদ্ধি কৰিছে ৷ টাইৱান নিউজৰ মতে ঘৰৰ গৰাকীয়ে এদিনত যদি তিনিবাৰতকৈ অধিক ঘৰৰ দুৱাৰ খুলিছে তেনেহ’লে সেই ঘৰত চৰকাৰে তলা লগাই বাহিৰৰ পৰা বন্ধ কৰি দিছে ৷ লগতে ঘোষণা কৰিছে যে কোনো ব্যক্তি ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে ৷ যদিহে ধৰা পৰে তেনেহ’লে ঘৰবোৰ তলা লগাই বন্ধ কৰি দিয়া হ’ব ৷

Leave A Reply

Your email address will not be published.