ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?

Share This Article

ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্পীড লিমিট নিৰ্ধাৰণ কৰি দিয়ে ৷ যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে এম ভি আই আইন সংশোধন কৰি স্পীড লিমিট উলংঘা কৰা যান বাহনৰ ক্ষেত্ৰত জৰিমণাৰ পৰিমান ৪০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰিছে ৷ সেই মৰ্মে ইন্টাৰচেপ্টৰৰ সহায়ত পৰিবহন বিভাগে অভাৰ স্পীডত যোৱা যান বাহন নীৰিক্ষণ কৰি জৰিমণা বিহাৰ ব্যৱস্থা কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা বৰ্ষত ৰাজ্যত দুৰ্ঘটনাৰ ফলত ৭০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে ৭৫ শতাংশ দুৰ্ঘটনাই অত্যাধিক গতিৰ ফলত সংঘটিত হৈছে ৷ গতিকে দুৰ্ঘটনাৰ ফলত হোৱা মানুহৰ মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ পৰিবহন বিভাগে এইবাৰৰ পৰা কঠোৰ পদক্ষেপ লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.