অসমত অনাগত ৬ মাহলৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কপা হ’ল অৰ্থাৎ অসমক পুনৰ এবাৰ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হল। এই আইনৰ অধীনত সেনা-নিৰাপত্তা বাহিনীয়ে ইচ্ছা কৰিলেই যিকোনো সময়ত যিকোনো স্থানত অভিযান চলাব পাৰিব। এই সম্পৰ্কে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ-পূর্বাঞ্চলত এটাও সশস্ত্র সংগঠন থকালৈকে শান্তি অহা বুলি ক’ব পৰা নাযাব৷ অসমত নাথাকিলেও মণিপুৰৰ অথবা নাগালেণ্ড বা ত্রিপুৰাৰ পৰা সন্ত্রাসবাদী আহিব পাৰে৷ সেয়েহে সাৱধানতা অৱলম্বন কৰাটো প্রয়োজনীয়৷
সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফ্ছপা)ৰ অধীনত অসমক পুনৰ ৬ মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমক অশান্ত অঞ্চল হিচাপে পুনৰ ঘোষণা কৰা হৈছে৷ যিহেতু ইয়াত উগ্রবাদী সংগঠন এতিয়াও আছে৷ অকল আলফাই নহয়, উত্তৰ-পূর্বাঞ্চলত কেইবাটাও উগ্রবাদী সংগঠন আছে৷ এই উগ্রবাদী সংগঠনসমূহৰ যিকোনো কার্যকলাপৰ বাবে সামৰিক-অর্ধসামৰিক্ বাহিনীক ক্ষমতা প্রদান কৰিবই লাগিব৷ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা আইনৰ লগত সাধাৰণ ৰাইজৰ কোনো সম্পর্ক নাই৷ কেৱল আৰক্ষীক অধিকাৰহে প্রদান কৰা হৈছে৷ ৰাজ্যত হঠাৎ কিবা এটা ঘটনা ঘটিলে তাৰ উত্তৰ কোনে প্রদান কৰিব? যেতিয়ালৈ এনএছচিএন (আই এম) অথবা আলফা (স্বাধীন)ৰ শান্তি আলোচনা শেষ নহয়, পিএলএকে ধৰি বহু সংগঠন উত্তৰ–পূর্বাঞ্চলত শক্তিশালী হৈ আছে৷ সেয়েহে জীৱনৰ নিৰাপত্তা প্রথম৷ এয়া চৰকৰী প্রক্রিয়া৷ এই চৰকাৰী প্রক্রিয়া এফালে চলি থাকক আৰু আনফালে শান্তি আলোচনা চলি থাকক৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.