Just in – ফেৰী দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকাঃ এগৰাকী মহিলাৰ মৃতদেহ আৰু এজন লোকৰ বেগ উদ্ধাৰ

Share This Article

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা।বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত পুনৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ এটা বেগ উদ্ধাৰ।বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ এখন চাৰিচকীয়া বাহনৰ ৰেজিষ্টেচন কাৰ্ড,ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড।
লগতে বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু অন্য কেইখনমান নথি-পত্ৰও উদ্ধাৰ হৈছে।ভোটাৰ কাৰ্ডত মদন পেগুৰ ঠিকনা মাজুলী বুলি উল্লেখ আছে।বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজনমান মাছমৰীয়াই বেগটো প্ৰত্যক্ষ কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰে।
নিমাতী-মাজুলীৰ অভিশপ্ত নাওখনৰ যাত্ৰীৰ তালিকাত আছিল মদন পেগুৰ নাম।পৰিচয় পত্ৰত উল্লেখ থকা অনুসৰি মদন পেগুৰ ঘৰ ঢকুৱাখনৰ কোঁৱৰগাঁৱত।
আনহাতে,তেজপুৰত লুইতৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ।ব্ৰহ্মপুত্ৰৰ দেৱীসিং ঘাটৰ সমীপত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। দেওবাৰে সন্ধিয়া নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাৰ মৃতদেহটো।নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মহিলাগৰাকীৰ মৃত্যুৰ সন্দেহ আৰক্ষীৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.