ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক

Share This Article

কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাক কালি গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়া ভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ী গৰাকীয়ে তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাক অৱগত কৰে আৰু সেইমৰ্মে কালি গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দূৰ্নীতিবিৰোধী শাখাৰ ১৪ জনীয়া দল এটাই কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাক হাতেলোটে গ্ৰেপ্তাৰ কৰে । ব্যৱসায়ী গৰাকীয়ে পূৰ্বনিৰ্ধাৰিত সময় মতে কোকৰাঝাৰ চেণ্ট্ৰেল বেংকৰ পিছপিনে থকা হিমানজ্যোতি বৰাৰ ভাড়াঘৰত উপস্থিত হয় আৰু দাবী কৰা উপঢৌকনৰ ধন ২৫ হাজাৰ টকা আগবঢ়ায় । হিমানজ্যোতি বৰাই উপঢৌকনৰ ধন ২৫ হাজাৰ টকা গ্ৰহণ কৰা মাত্ৰকে গুৱাহাটীৰ পৰা তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাৰ অতিৰিক্তি আৰক্ষী অধীক্ষক কৰুণা বৰদলৈৰ নেতৃত্বত অহা দলটোৱে হিমানজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.