সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত মোডীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ আয়োজনঃ ৮ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য

সৰ্বমুঠ ৮ লাখ ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন পালন কৰিব অসম চৰকাৰে। ৰাজ্যৰ ৪০০০ টিকাকৰণ কেন্দ্ৰত দিয়া হব ভেকচিন। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী গৰাকীক।…

লাচিত ঘাটত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ…

NCCৰ তত্বাৱধায়ক সমিটিত এম এছ ধোনীঃ উৎফুল্লিত চেন্নাই ছুপাৰ কিংছ

নেচনেল কেডেট কৰ্প(NCC) তত্বাৱধানৰ বাবে গঠন কৰা ১৫ জনীয়া বিশেষ তত্বাৱধায়ক সমিটিত নাম অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নাম। ধোনীৰ লগতে আছে আনন্দ মহিন্দ্রাৰ নাম। ইয়াৰ পূৰ্বে ধোনীক…

নিশাৰ মহানগৰীত এনকাউন্টাৰ

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ। আৰক্ষীৰ গুলীত গুলীবৃদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া জামাল আলি। তদন্তৰ বাবে জামালক লৈ গৈছিল ঘটনা স্থলীলৈ আৰু মাজতে পলায়নৰ চেষ্টা কৰোঁতেই ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰে বেলতলা আৰক্ষীয়ে। সম্প্ৰতি গুৱাহটী মেডিকেল কলেজ…

প্ৰাক্তন IAS বিষয়া হৰ্ষ মান্দেৰৰ বাসগৃহ আৰু কাৰ্যালয়ত EDৰ অভিযানঃ মান্দেৰৰ পক্ষত কোন কোন?

বিগত ১৬ ছেপ্টেম্বৰত দেশৰ জনপ্ৰিয় সমাজ কৰ্মী, গৱেষক, শিক্ষক তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া হৰ্ষ মান্দেৰৰ বাসগৃহ আৰু দক্ষিণ দিল্লীৰ আদচিনি, মেহৰৌলি তথা বসন্ত কুঞ্জস্থিত চেণ্টাৰ ফৰ ইকুইটি ষ্টাডিজ (চিইএছ)নামৰ মান্দেৰৰ বেচৰকাৰী সংস্থাটোৰ কাৰ্যালয়ত…

জন্ম দিনৰ দিনা সৰ্বত্ৰ প্ৰশ্নঃ ক’ত হেৰাল মোডীৰ এশ স্মাৰ্ট চিটি কিম্বা সহস্ৰাধিক আদৰ্শ গাওঁ?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিৰ আটাইতকৈ ডাঙৰ ইভেণ্ট এইটো। হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই আনিবলৈ আৰু লাহে লাহে ৰাইজৰ পৰা বিচ্ছিন্ন হোৱা সম্পৰ্ক জোৰা লগাবলৈ মোডীৰ জন্ম দিনটোক বিজেপিয়ে হাথিয়াৰ হিচাপে লৈছে। এইখিনি কথা আজি আৰু নতুন…

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ

চাপৰত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে প্ৰকাশ কৰা জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। কিন্ত বজালী,…

অধিনায়কৰ পদ এৰিলে বিৰাট কোহলিয়ে

ভাৰতীয় টি -২০ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলিয়ে ৷ দেশৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে সদৰী কৰা অনুসৰি আগন্তুক টি ২০ বিশ্বকাপৰ পাছতেই নেতৃত্বৰ পৰা তেও অব্যাহতি ল’ব ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগত আলোচনা কৰিয়েই…

তীব্ৰ খাদ্য সংকটত আফগানিস্তানঃ আফগানী জনতাৰ বাবে হৃদয় গলিবনে আমেৰিকাৰ?

তদানীন্তন চৰকাৰক আঁতৰাই এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পিছত এছিয়াৰ হৃদপিণ্ড খ্যাত আফগানিস্তান এতিয়া অশান্ত। বিগত ২০ বছৰত তালিবানৰ পতন আৰু আফগানিস্তানৰ পুনৰ নির্মাণৰ নামত আমেৰিকাকে ধৰি কেইবাখনো দেশে লাখ লাখ কোটি ডলাৰ ধন…

কংগ্ৰেছত যোগদান কৰিব নেকি JNUৰ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে?

চিপিআই নেতা তথা জেএনইউ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে দেশত এতিয়া সৃষ্টি হৈছে কৌতুহল আৰু বিতৰ্কৰ। ৰাহুল সাক্ষাৎ কৰাৰ পিছতে কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰিব বুলি এতিয়া দেশজুৰি চৰ্চা আৰম্ভ…