Investigative reporting with dedication.

চাপৰত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে প্ৰকাশ কৰা জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। কিন্ত বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষা কেন্দ্ৰ নিদিয়াৰ বাবেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন দুটাই। লগতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুক তীব্ৰভাৱে গৰিহণা জনাই ।




