প্ৰাক্তন IAS বিষয়া হৰ্ষ মান্দেৰৰ বাসগৃহ আৰু কাৰ্যালয়ত EDৰ অভিযানঃ মান্দেৰৰ পক্ষত কোন কোন?

Share This Article

বিগত ১৬ ছেপ্টেম্বৰত দেশৰ জনপ্ৰিয় সমাজ কৰ্মী, গৱেষক, শিক্ষক তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া হৰ্ষ মান্দেৰৰ বাসগৃহ আৰু দক্ষিণ দিল্লীৰ আদচিনি, মেহৰৌলি তথা বসন্ত কুঞ্জস্থিত চেণ্টাৰ ফৰ ইকুইটি ষ্টাডিজ (চিইএছ)নামৰ মান্দেৰৰ বেচৰকাৰী সংস্থাটোৰ কাৰ্যালয়ত তালাচী চলাইছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি)। ৰবাৰ্ট বছ একাডেমীত ছয় মাহৰ ফেলোশ্বিপ গ্ৰহণৰ বাবে পত্নীৰসহ জাৰ্মানীলৈ ৰাওনা হোৱাৰ কেইঘণ্টামানৰ পিছতে ইডিয়ে চলাইছিল অতৰ্কিত অভিযান।
কেইবাজনো সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তাই অৱসৰপ্ৰাপ্ত IAS বিষয়া আৰু সমাজকৰ্মী হৰ্ষ মান্দেৰৰ কাৰ্যালয় আৰু বাসগৃহত ধন ৰপ্তানিৰ তদন্তৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়(ইডি)-এ চলোৱা অভিযানক গৰিহণা দিছিল। ৬০০ তকৈও অধিক কৰ্মী আৰু বুদ্ধিজীৱীয়ে বৃহস্পতিবাৰে এক যুটীয়া বিবৃতি জাৰি কৰি কয় যে মান্দেৰে একাধিক ৰাজ্যিক সংস্থাৰ দ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হৈছে আৰু এই অভিযানসমূহ বৰ্তমান চৰকাৰৰ প্ৰতিজন সমালোচকক ভয় খুৱাবলৈ আৰু নীৰৱ কৰিবলৈ ৰাজ্যিক প্ৰতিষ্ঠানসমূহে কৰা উৎপীড়নৰ এটা অংশ। বিবৃতিটোত স্বাক্ষৰ কৰা ৬০০ জন লোকৰ ভিতৰত আছে ইতিহাসবিদ ৰোমিলা থাপাৰ, অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া জুলিঅ ৰিবেৰো, অৰ্থনীতিবিদ জিন ড্ৰেজ, অধিবক্তা ইন্দিৰা জয়সিং, কৰ্মী অৰুণা ৰয় আৰু প্ৰাক্তন নৌ সেনা প্ৰধান এডমিৰেল ৰাম দাস।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.