জন্ম দিনৰ দিনা সৰ্বত্ৰ প্ৰশ্নঃ ক’ত হেৰাল মোডীৰ এশ স্মাৰ্ট চিটি কিম্বা সহস্ৰাধিক আদৰ্শ গাওঁ?

Share This Article

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিৰ আটাইতকৈ ডাঙৰ ইভেণ্ট এইটো। হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই আনিবলৈ আৰু লাহে লাহে ৰাইজৰ পৰা বিচ্ছিন্ন হোৱা সম্পৰ্ক জোৰা লগাবলৈ মোডীৰ জন্ম দিনটোক বিজেপিয়ে হাথিয়াৰ হিচাপে লৈছে। এইখিনি কথা আজি আৰু নতুন হৈ থকা নাই। ভাৰতৰ নাগৰিকে এই কথাবোৰ বুজি পাইছে কিন্তু মোডীৰ জন্ম দিনটোত ভাৰতবাসীৰ মনত কেইটামান প্ৰশ্নৰ উদয় হৈছে। সকলোৱে আশা কৰিছে আজিৰ দিনটোত প্ৰধানমন্ত্ৰী মোডী বা বিজেপিয়ে ইয়াৰ উত্তৰ দিব। প্ৰথম প্ৰশ্নটো হল ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সাংসদ সকলৰ প্ৰতি এটা নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনাটোৱে দেশৰ নাগৰিকৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। সকলোৱে ভাৱিছিল যে এইবাৰ কিবা এটা হব। পিছে হল নে নাই সেইটো জনাৰ আগতে আপুনি জানিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া নিৰ্দেশনাটো কি আছিল? তেঁও দিয়া নিৰ্দেশনাটো আছিল যে বিজেপি সাংসদ সকলে প্ৰতিবছৰে নিজ সমষ্টিত এখনকৈ আদৰ্শ গাঁও গঢ়ি তুলিব। অৰ্থাৎ এজন সাংসদে ৫ বছৰত ৫ খন আদৰ্শ গাঁও গঢ় দিব। এতিয়া আপুনিয়েই কওঁকচোন অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা ৭ গৰাকীকৈ সাংসদে গঢ় দিয়া ৩৫ খন আদৰ্শ গাঁও কত হেৰাল? বিজয়া চক্ৰৱৰ্তী, সৰ্বানন্দ সোনোৱাল, আৰ পি শৰ্মা, ৰমেন ডেকা, ৰাজেন গোঁহাই, কামাখ্যা প্ৰসাদ তাচা আৰু ৰামেশ্বৰ তেলী এই ৭ গৰাকী বিজেপি সাংসদে প্ৰধানমন্ত্ৰী মোডীৰ আদৰ্শ গাঁও গঢ়াৰ আঁচনি খন ৰূপায়ন কৰিলে জানো? আমি জনাত অসমৰ সাংসদ সকলেই নহয় বিজেপিৰ অন্য ৰাজ্যৰ সাংসদেও আদৰ্শ গাওঁ গঢ়াৰ আঁচনি খন ৰূপায়ন কৰিব লাগে বুলি প্ৰয়োজন অনুভৱ নকৰিলে। দেখাত আদৰ্শ গাঁৱৰ এই আঁচনিখন খুব সুন্দৰ আৰু দূৰদৰ্শী। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়েও এবাৰ হলেও তেঁওৰ সাংসদ সকলে তেওঁ দিয়া দায়িত্ব পালন কৰিলে নে নাই সেয়া পৰ্যবেক্ষণ নকৰিলে। আচলতে গোটেই ঘোষণাটোৱেই আছিল জনসাধাৰণক চমক দিয়াৰ বাবে। ২০১৯ চনত মোডী দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতো এই আঁচনিখনক লৈ কোনো মন্তব্য নকৰিলে। সকলো মানুহক সকলো সময়ৰ বাবে চমক দি মূৰ্খ সাজিব নোৱাৰি। আদৰ্শ গাঁৱৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতত ১০০ খন স্মাৰ্ট চিটি নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। স্মাৰ্ট চিটি আঁচনিৰ ব্যাপকভাৱে প্ৰচাৰ চলোৱা হৈছিল। গুৱাহাটীকো এই আঁচনিৰ অধীনত সামৰি লোৱা হব বুলি ঘোষণা কৰাৰ পিছত বিজয়া চক্ৰৱৰ্তীয়ে গুৱাহাটীৰ ৰাজপথত সমদল বাহিৰ কৰিছিল। গুৱাহাটী স্মাৰ্ট চিটি নহল কিন্তু বিজেপিৰ লক্ষ্য পূৰণ হল। তেওঁলোকে জনসাধাৰণৰ পৰা ঠিকেই ভোট আদায় কৰিলে। স্মাৰ্ট চিটি হিচাপে গুৱাহাটী এনে পৰ্যায়ত আছে যে এতিয়া ইয়াত জাৱৰ পেলাবলৈ এডোখৰ ঠাইৰ অভাৱ। জন্মদিনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ প্ৰতি অসমৰ সচেতন মহলৰ এটাই প্ৰশ্ন – অসমৰ আদৰ্শ গাঁও কেইখনৰ নামকেইটা ৰাজহুৱা কৰিব লাগে আৰু গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পত কিয় মামৰ লাগিল তাৰ উত্তৰ লাগে!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.