সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

NCCৰ তত্বাৱধায়ক সমিটিত এম এছ ধোনীঃ উৎফুল্লিত চেন্নাই ছুপাৰ কিংছ

নেচনেল কেডেট কৰ্প(NCC) তত্বাৱধানৰ বাবে গঠন কৰা ১৫ জনীয়া বিশেষ তত্বাৱধায়ক সমিটিত নাম অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নাম। ধোনীৰ লগতে আছে আনন্দ মহিন্দ্রাৰ নাম। ইয়াৰ পূৰ্বে ধোনীক সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেলৰ দায়িত্ব দিয়া হৈছিল। NCC তত্বাৱধান সমিতিত ধোনীক অন্তৰ্ভুক্ত কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে ধোনীক চেন্নাই চুপাৰ কিংছ(CSK) দলে সম্বৰ্ধনা জনায়। CSKৰ অফিচিয়েল পেজৰ পৰা এখন ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰা হৈছে। ফটোখনত ধোনী সেনাৰ পোছাক পিন্ধি ভাৰতীয় পতাকাৰ সন্মুখত থিয় হৈ আছে। তলত লিখা হৈছে- দেশৰ সেৱাত সমৰ্পিত! বাকী সকলোৱে অপেক্ষা কৰিব পাৰে।
সেনাৰ প্ৰতি ধোনীৰ প্ৰেম আজিৰ নহয়। ধোনীক বিভিন্ন সময়ত সেনাৰ বিভিন্ন অনুষ্ঠানত উপস্থিত থকা দেখা যায়। ধোনীয়ে ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। এই টি-২০ বিশ্বকাপত ধোনীয়ে ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰিব। ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে দায়িত্ব দিয়াৰ পিছত ধোনীৰ সন্মান দুগুণে বৃদ্ধি পাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে এই NCC তত্বাৱধায়ক সমিতিৰ কাম হৈছে NCCৰ উন্নয়নৰ ওপৰত চকু ৰখা। সমিতিখনে NCC কেডেটসকলক কেনেকৈ অধিক কামৰ সৈতে জড়িত কৰিব লাগে তাৰ ওপৰত দৃষ্টি ৰাখিব।

Leave A Reply

Your email address will not be published.