প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেহাৱসান

প্ৰাক্তন কেবিনেট মন্ত্ৰী ডা° নজৰুল ইছলামৰ দেহাৱসান।মহানগৰীৰ হেলথ চিটী হস্পিতালত শনিবাৰে পুৱাৰ ভাগত মৃত্যুক সাৱটি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল নজৰুল ইছলাম।মধুমেহ ৰোগত দীৰ্ঘদিনে আক্ৰান্ত হৈ থকা ইছলাম পুৱা শ্বাসপ্ৰশ্বাসজনিত সমস্যাত ভোগে৷মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল…

পুনৰ গ্ৰেপ্তাৰ ভিক্টৰ দাস !

পত্নীক নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ ভিক্টৰ দাস।উল্লেখ্য যে ক’চিং ইনষ্টিটিউটৰ ইনষ্ট্ৰাক্টৰ দাস ধনৰ বিনিময়ত চৰকাৰী চাকৰিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ছেপ্তেম্বৰত।১৬ ছেপ্তেম্বৰত অন্তৰ্বতীকালীন জামিন লাভ কৰিছিল দাসে।গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে কামৰূপ গ্ৰাম্য জিলাৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক…

ইপাৰো নহ’ল,সিপাৰো নহ’ল আজাদ !

গোলাম নবী আজাদৰ দল ত্যাগ কৰিলে তেওঁৰে প্ৰাক্তন সতীৰ্থই।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোলাম নবী আজাদৰ লগত কংগ্ৰেছ দল ত্যাগ কৰা মুঠ ১৭ জন নেতাই পুনৰ যোগদান কৰিলে কংগ্ৰেছত।শুকুৰবাৰে আজাদৰ নতুন দল এৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহে এই নেতা কেইজন।দললৈ পুনৰ…

প্ৰস্ৰাৱ কৰি জে’লৰ ভাত !

সাৱধান ! য’তে ত’তে প্ৰস্ৰাৱ নকৰিব !প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ এজন ব্যক্তি ।কেৱল প্ৰস্ৰাৱ কৰাৰ বাবেই জাৰি হৈছিল লুক আউট জাননী।প্ৰস্ৰাৱ কৰি কিয় গ্ৰেপ্তাৰ হ’ল ব্যক্তিজন? ব্যক্তিজনৰ নাম শংকৰ মিশ্ৰ।এই শংকৰ মিশ্ৰকে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে বেংগালুৰু আৰক্ষীয়ে।ব্যক্তিজনৰ বিৰুদ্ধে লুক আউট…

৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!

‘’দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ সকলোয়ে মোক বিনা…

ইমানতেই অন্ত পৰিল নেকি পণ্টৰ কেৰিয়াৰ ?

কেতিয়া ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন হ’ব ঋষভ পণ্টৰ?কিয়নো এতিয়াও শাৰীৰিক অৱস্থা বিশেষ উন্নতি হোৱা নাই পণ্টৰ!অস্ত্ৰোপচাৰৰ বাবে লণ্ডনলৈ নিব ভাৰতীয় উইকেটকীপাৰ গৰাকীক! ৩০ ডিচেম্বৰৰ পুৱা ভাৰতীয় ক্ৰিকেট দলৰ বেটচমেন- উইকেট কীপাৰ ঋষভ পণ্ট পথ দুৰ্ঘটনাত পতিত হয় ৰুৰকীত। ঘণ্টাত ১৫০ কিলোমিটাৰ…

চাঙীত চিকিৎসালয়লৈ …

মুকালমুৱাত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। স্বাস্থ্য বিভাগে উন্নয়নৰ ধাক-ঢোল বজাই থকাৰ সময়তে মুকালমুৱাৰ এটা দৃশ্যই উদঙাইছে বিভাগটোৰ পয়ালগা ছবি। এই দৃশ্য বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাৰ।এম্বুলেঞ্চ, বোট ক্লিনিকৰ(নৌকা চিকিৎসালয়) অভাৱত কান্ধত ভাৰ বান্ধি মুকালমুৱা চিকিৎসালয়লৈ কঢ়িয়াই আনিলে এগৰাকী ৰোগীক। ২ নং…

জনসংখ্যা কম বাবেই ফল ভুগিব নেকি শিৱসাগৰবাসীয়ে?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।কোনো কাৰণতে উজনি অসমৰ শিৱসাগৰকে ধৰি তিনিখন জিলাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কাৰ্যক গ্ৰহণ কৰা নহ’ব বুলি উল্লেখ কৰে অখিল গগৈয়ে।শিৱসাগৰৰ ৰাইজে জনসংখ্যা নিয়ন্ত্ৰণ কৰি দেশৰ জনসংখ্যা ৰোধ কৰিছে তাৰ…

‘টিকেট পালেও বিজেপি,নাপালেও বিজেপি’ কিন্তু কোন?

ৰাজ্যত গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য ?কেতিয়া গঠন হ’ব এই ৰাজ্য?কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত উত্তাল হৈ আছে ৰাজ্য।ইতিমধ্যে প্ৰকাশ হৈছে কমতাপুৰ ৰাজ্যৰ মানচিত্ৰও।কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰকাশ কৰিছে কমতাপুৰ ৰাজ্যৰ প্ৰস্তাৱিত মানচিত্ৰ।কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মংগলদৈ…

ৰাজ্যপালৰ পক্ষপাতিত্ব : অনুষ্ঠিত নহ’ল মেয়ৰ নিৰ্বাচন

১৫ বছৰ একেলেথাৰিয়ে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন দখল কৰি থকাৰ পিছত বিজেপিয়ে ক্ষমতা হেৰুৱাই যেন উদ্বাউল হৈ পৰিছে।তাৰেই প্ৰতিফলন দেখা গ’ল শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত।দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাৰ হস্তক্ষেপৰ বাবেই আজি অনুষ্ঠিত নহ’ল মেয়ৰৰ নিৰ্বাচন। বিগত ৫ ডিচেম্বৰত…