প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেহাৱসান

Share This Article

প্ৰাক্তন কেবিনেট মন্ত্ৰী ডা° নজৰুল ইছলামৰ দেহাৱসান।মহানগৰীৰ হেলথ চিটী হস্পিতালত শনিবাৰে পুৱাৰ ভাগত মৃত্যুক সাৱটি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল নজৰুল ইছলাম।মধুমেহ ৰোগত দীৰ্ঘদিনে আক্ৰান্ত হৈ থকা ইছলাম পুৱা শ্বাসপ্ৰশ্বাসজনিত সমস্যাত ভোগে৷মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল প্ৰয়াত ইছলাম।২০০১ চনৰ পৰা ২০১৬ চনলৈ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল ডা° নজৰুল ইছলাম।খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ লগতে স্বাস্থ্য বিভাগৰ দায়িত্বও পালন কৰিছিল ডা° ইছলামে।২০১৬ চনত তেওঁ স্বাস্থ্যজনিত সমস্যাৰ বাবে সমষ্টিটোৰ পৰা প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকে।তেওঁৰ পৰিবৰ্তে তেওঁৰ পুত্ৰ লাহৰিঘাট সমষ্টিৰ পৰা নিৰ্বাচিত হয়।প্ৰয়াত মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।লাহৰিঘাটৰ ৫ বাৰৰ বিধায়ক আছিল প্ৰয়াত ইছলাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.