প্ৰস্ৰাৱ কৰি জে’লৰ ভাত !

Share This Article

সাৱধান ! য’তে ত’তে প্ৰস্ৰাৱ নকৰিব !প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ এজন ব্যক্তি ।কেৱল প্ৰস্ৰাৱ কৰাৰ বাবেই জাৰি হৈছিল লুক আউট জাননী।প্ৰস্ৰাৱ কৰি কিয় গ্ৰেপ্তাৰ হ’ল ব্যক্তিজন?

ব্যক্তিজনৰ নাম শংকৰ মিশ্ৰ।এই শংকৰ মিশ্ৰকে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে বেংগালুৰু আৰক্ষীয়ে।ব্যক্তিজনৰ বিৰুদ্ধে লুক আউট নটিছ জাৰি কৰিছিল দিল্লী আৰক্ষীয়ে।দিল্লী আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি বেংগালুৰু আৰক্ষীৰ এটা গোটক ব্যক্তিজনৰ শুংসূত্ৰ উলিওৱাৰ দায়িত্ব দিছিল।এই ব্যক্তিজনৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই৷বিগত ২৬ নবেম্বৰত নিউয়ৰ্ক-নিউ দিল্লী বিমানত এগৰাকী মহিলাৰ গাত অকস্মাতে তেওঁ প্ৰস্ৰাৱ কৰিছিল৷দুয়ো আছিল বিজিনেছ ক্লাছৰ যাত্ৰী।এয়াৰ ইণ্ডিয়াই নিজাববীয়াকৈ তদন্ত চলাইছিল ঘটনাটোৰ৷শংকৰ মিশ্ৰ নামৰ ব্যক্তি জনে ম’বাইল ছুইচ অফ কৰি ৰাখিছিল যদিও তেওঁ সামাজিক মাধ্যমত সক্ৰিয় আছিল৷সামাজিক মাধ্যমৰ সক্ৰিয়তাৰ ভিত্তিতে তেওঁ আত্মগোপন কৰি থকা স্থান নিৰূপণ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী৷ইতিমধ্যে মিশ্ৰক ৩০ দিনৰ বাবে বিমানযাত্ৰাৰ পৰা নিষিদ্ধ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.