ইপাৰো নহ’ল,সিপাৰো নহ’ল আজাদ !

Share This Article

গোলাম নবী আজাদৰ দল ত্যাগ কৰিলে তেওঁৰে প্ৰাক্তন সতীৰ্থই।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোলাম নবী আজাদৰ লগত কংগ্ৰেছ দল ত্যাগ কৰা মুঠ ১৭ জন নেতাই পুনৰ যোগদান কৰিলে কংগ্ৰেছত।শুকুৰবাৰে আজাদৰ নতুন দল এৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহে এই নেতা কেইজন।দললৈ পুনৰ প্ৰত্যাবৰ্তন কৰা নেতা কেইজনে কংগ্ৰেছ দল এৰাৰ সিন্ধান্ত ভুল আছিল বুলি উল্লেখ কৰিছে।এজন ব্যক্তিৰ লগত থকা ব্যক্তিগত বন্ধুত্বৰ বাবেই তেওঁলোকে এনেদৰে দল এৰাটো শুদ্ধ সিদ্ধান্ত নাছিল বুলি নিজেই একেমুখে স্বীকাৰ কৰিছে এই নেতাসকলে।ৰাজ্যখনৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তাৰা চান্দ আৰু ৰাজ্যখনৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পীৰজাদা মহম্মদ ছৈঈদে এআইচিচিৰ সাধাৰণ সম্পাদক ৰজনী পাটিলৰ সন্মুখত পুনৰ কংগ্ৰেছ দলত যোগদান কৰে।তেওঁলোকৰ যোগদান কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় নেতা কে চি বেনুগোপাল আৰু জয়ৰাম ৰমেশো উপস্থিত আছিল।উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত আগবঢ়া ভাৰত জোড়ো যাত্ৰা অলপতে জম্মু -কাশ্মীৰত প্ৰৱেশ কৰিব।ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা বিগত ৭ ছেপ্তেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীত আৰম্ভ হৈছিল আৰু চলিত মাহৰ শেষৰ ফালে কাশ্মীৰত অন্ত পৰিব৷কাশ্মীৰত এই যাত্ৰাত ৰাহুল গান্ধীক সংগ দিব পিডিপি নেতা মেহবুবা মুফটি,এনচি নেতা ফাৰুক আব্দুল্লাই।আজাদৰ সংগ ত্যাগ কৰি অহা প্ৰাক্তন উপমুখ্যমন্ত্ৰী তাৰা চান্দে কয় “ আমি ডেমক্ৰেটিক আজাদ পাৰ্টিত সুখী নাছিলোঁ কাৰণ আমি জীৱনৰ ৫০ টা বছৰ কংগ্ৰেছত পাৰ কৰিছিলোঁ৷আমি আমাৰ ভুল অনুধাৱন কৰিছোঁ।”আজাদৰ দলটো বিজেপিৰ B টীম বুলি প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰাই সমালোচিত হৈ আহিছে।অৱশ্যে ডেমক্ৰেটিক আজাদ পাৰ্টিৰ প্ৰতিষ্ঠাতা গোলাম নবী আজাদে যাত্ৰাত যোগদান কৰিব নে নাই,সেইটো স্পষ্ট হোৱা নাই৷কেন্দ্ৰীয় নেতা বেনুগোপালে কয় যে যিসকলে কংগ্ৰেছৰ আদৰ্শক বিশ্বাস কৰে তেওঁলোকে অনায়াসে এই যাত্ৰাত অংশ ল’ব পাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.