‘টিকেট পালেও বিজেপি,নাপালেও বিজেপি’ কিন্তু কোন?

Share This Article

ৰাজ্যত গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য ?কেতিয়া গঠন হ’ব এই ৰাজ্য?কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত উত্তাল হৈ আছে ৰাজ্য।ইতিমধ্যে প্ৰকাশ হৈছে কমতাপুৰ ৰাজ্যৰ মানচিত্ৰও।কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰকাশ কৰিছে কমতাপুৰ ৰাজ্যৰ প্ৰস্তাৱিত মানচিত্ৰ।কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ দিলীপ শইকীয়াই।কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগটো ধূসৰ হৈ থকা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কমতাপুৰ ৰাজ্যৰ প্ৰস্তাৱিত মানচিত্ৰ সন্দৰ্ভত সাংসদ গৰাকীৰ প্ৰতিক্ৰিয়া।সাংসদগৰাকীয়ে কয় ‘মানচিত্ৰ সকলোৱে বনাব পাৰে।আমিও নিজে এখন মানচিত্ৰ বনাব পাৰো।স্বাধীন অসমেও তৈয়াৰ কৰিছিল মানচিত্ৰ।ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আলোচনাৰ টেবুলত এই সন্দৰ্ভত উলিয়াব এক সমাধান সূত্ৰ।’ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ গৰাকীয়ে সমষ্টি হেৰুৱাব বুলি চলি থকা চৰ্চা সন্দৰ্ভতো প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।২০০৭ চনৰ খচৰাক লৈ ৰাজ্যত আলোচনা চলি থকা বুলি মন্তব্য কৰি দিলীপ শইকীয়াৰ মন্তব্য দিলীপ শইকীয়া দিল্লীতো সাজু, নলবাৰীতো সাজু, অসমতো সাজু।আনহাতে, ওদালগুৰি বা তেজপুৰ লোকসভা সমষ্টিৰ পৰা তেওঁ‌ টিকট বিচাৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়“ মই টিকেট পালেও বিজেপি নাপালেও বিজেপি ।ওদালগুৰি,তেজপুৰ যতেই দলে প্ৰক্ষেপ কৰে ত’তেই দায়িত্ব ল’ম।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.