পুনৰ গ্ৰেপ্তাৰ ভিক্টৰ দাস !

Share This Article

পত্নীক নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ ভিক্টৰ দাস।উল্লেখ্য যে ক’চিং ইনষ্টিটিউটৰ ইনষ্ট্ৰাক্টৰ দাস ধনৰ বিনিময়ত চৰকাৰী চাকৰিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ছেপ্তেম্বৰত।১৬ ছেপ্তেম্বৰত অন্তৰ্বতীকালীন জামিন লাভ কৰিছিল দাসে।গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে কামৰূপ গ্ৰাম্য জিলাৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ দাস।প্ৰথমবাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতেই তেওঁ চৰকাৰী শিক্ষকৰ চাকৰি হেৰুৱাইছিল। শনিবাৰে গোশালা থানাৰ এক গোচৰত পুনৰ গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস।পত্নী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে।মাকৰ ঘৰত সোমাই পত্নীক মাৰপিটৰ অভিযোগত গ্ৰেপ্তাৰ ভিক্টৰ দাস।এইবাৰ ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু হৈছে গোচৰ।পত্নীৰ পৰিয়ালৰ লোকে গোশালা থানাত দাখিল কৰিলে এজাহাৰ।
ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ২৯৪, ৪২৭ ধাৰাৰ অধীনত গোচৰ ৰুজু ভিক্টৰৰ বিৰুদ্ধে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.