চাঙীত চিকিৎসালয়লৈ …

Share This Article

মুকালমুৱাত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। স্বাস্থ্য বিভাগে উন্নয়নৰ ধাক-ঢোল বজাই থকাৰ সময়তে মুকালমুৱাৰ এটা দৃশ্যই উদঙাইছে বিভাগটোৰ পয়ালগা ছবি। এই দৃশ্য বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাৰ।এম্বুলেঞ্চ, বোট ক্লিনিকৰ(নৌকা চিকিৎসালয়) অভাৱত কান্ধত ভাৰ বান্ধি মুকালমুৱা চিকিৎসালয়লৈ কঢ়িয়াই আনিলে এগৰাকী ৰোগীক। ২ নং ভেলামাৰীৰ পৰা মুকালমুৱা চিকিৎসালয়লৈ ৰোগী গৰাকীক এনেদৰে কান্ধত ভাৰ বান্ধি কঢ়িয়াই আনিলে পৰিয়ালৰ লোকে। মুকালমুৱা চিকিৎসালয়ত ৰোগী গৰাকীক চিকিৎসা কৰি পুনৰ ভাৰ বান্ধিয়ে ঘৰলৈ লৈ গ’ল। উল্লেখযোগ্য যে দুৰ্গম চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ কেবা কিঃমিঃ খোজকাঢ়ি মুকালমুৱা চিকিৎসালয়লৈ ৰোগীক চাঙীত ভাৰ বান্ধি কঢ়িয়াই অনা দৃশ্যই এতিয়া সুলভ অঞ্চলটোত।কাগজে কলমে চৰাঞ্চলৰ দুৰ্গম ঠাইবোৰৰ বাবে বোট ক্লিনিক সেৱাকে ধৰি বিভিন্ন মেডিকেল সেৱা নামত আছে যদিও এইবোৰৰ কোনো সুবিধা নাপাই জনসাধাৰণে। বাঁহৰ চাঙী বনাই ভাৰ বান্ধি চৰাঞ্চলৰ লোকসকলৰ জীৱন ৰক্ষা কৰিবলৈ এনেদৰে লৈ আহিবলগীয়া হয় মুকালমুৱা চিকিৎসালয়লৈ। এনেদৰে চিকিৎসাৰ নামত বছৰ বছৰ ধৰি যমৰ যান্ত্ৰনা ভুগি আহিছে চৰাঞ্চলৰ লোকসকলে। অকল চহৰ অঞ্চলত উন্নয়নৰ ধাক-ঢোল বজাই থকা স্বাস্থ্য বিভাগৰ এইয়া হ’ল গ্ৰামাঞ্চল সমূহৰ প্ৰকৃত ছবি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.